Do you use computers and mobile phones for a long time:
বর্তমানৰ সময়ত প্রতিজন ব্যক্তিয়ে অধিক যন্ত্র নির্ভৰ হৈছে। কর্মক্ষেত্রত এতিয়া যন্ত্রৰ ব্যবহাৰ বৃদ্ধি পাইছে। ‘ৱর্ক ফ্র’ম হোম’ৰ দৰে ব্যৱস্থাই কম্পিউটাৰ, লেপটপ, ম’বাইল ফোনৰ ব্যৱহাৰ ব্যাপক কৰিছে। একে সময়তে সামাজিক মাধ্যমৰ জনপ্রিয়তায়ো ম’বাইল, লেপটপ আদিৰ সৰহভাগ সময় কম্পিউটাৰ, ম’বাইল ফোন ব্যৱহাৰ কৰি অতিবাহিত কৰে। ভিডিঅ’ গেম আসক্তসকলৰ কথাই সুকীয়া। যি কোনো বয়সৰ লোকে এইদৰে ঘণ্টাৰ পাছত ঘণ্টা ধৰি ম’বাইল ফোন, লেপটপ ব্যৱহাৰ কৰাৰ ফলত স্বাস্থ্যত কি প্রভাৱ পৰিছে, তাৰ খবৰ ৰাখিছে নে? অতিৰিক্ত ম’বাইল, লেপটপ ব্যৱহাৰৰ ফলত সর্বাধিক ক্ষতি হয় চকুৰ।
চিকিৎসকৰ মতে, অনবৰতে ডিজিটেল স্ক্রীণত দৃষ্টি নিবদ্ধ হ’লে চকুৰ পলক কমকৈ পৰে। ইয়াৰ ফলত চকুৰ নানা সমস্যাৰ সৃষ্টি হয়। সাধাৰণতে এজন মানুহৰ চকুৱে মিনিটত গড়ে ১৮ বাৰ পলক মাৰে। কিন্তু ম’বাইল ফোন, লেপটপ আদিত দৃষ্টি ৰাখিলে চকুবে মিনিটত মাত্র পাঁচ-ন বাৰ পলক মাৰে। ফলত চকু শুকান হৈ পৰে। তদুপৰি দীর্ঘ সময় ডিজিটেল স্ক্রীণত চকু ৰাখিলে চকুৰ পেশীত হেঁচা বা চাপ বৃদ্ধি পায়। চকু ক্লান্ত হয়। যি ব্যক্তিৰ চকুত অধিক মাইনাছ পৰা থাকে, তেনে ব্যক্তিৰ ক্ষেত্রত দীর্ঘ সময় ডিজিটেল স্ক্রীণ ব্যৱহাৰ কৰিলে সমস্যা অধিক হয়।
# চকুৰ বিপদ প্রতিৰোধ কৰিবলৈ মানি চলক তলৰ নিয়মসমূহ-
■একেৰাহে ৩০-৪৫ মিনিট কম্পিউটাৰ, লেপটপত কাম কৰাৰ পাছত পাঁচ-১০ মিনিট বিৰতি লওক।
■সঠিক উচ্চতাৰ চকী-টেবিলত বহি কম্পিউটাৰ-লেপটপক ২২ ইঞ্চি দুৰত ৰাখি কাম কৰক। কোঠাৰ পোহৰ যাতে মনিটৰতকৈ অলপ কম হয় তাৰ প্রতি লক্ষ্য ৰাখিব।
■ এক-আধা ঘণ্টাৰ ব্যৱধানত হাতৰ তলুৱাৰে দুই-তিনি মিনিট চকু চেপি ধৰি ৰাখক।
■ ২০ মিনিট অন্তৰত মনিটৰৰ পৰা চকু আঁতৰাই দূৰলৈ কমেও ২০ ছেকেণ্ড দৃষ্টি নিক্ষেপ কৰক। এই সময়ত যাতে চকুৱে ২০ বাৰ পলক মাৰে।
■ মাজে মাজে চকু-মুখত ঠাণ্ডা পানী ছটিয়াই দিয়ক। কিছু সময়ৰ বাবে চকু বন্ধ কৰি ৰাখক।
■ নিদ্ৰাা সমস্যা থাকিলে নিদ্রা গ্রহণৰ দুঘণ্টা পূর্বে টিভি, লেপটপ, ম’বাইল ব্যৱহাৰ বন্ধ কৰক। ম’বাইল-লেপটপৰ স্ক্ৰীণৰ পৰা যি নীলা পোহৰ নির্গত হয়, সেই পোহৰে নিদ্রা ব্যাঘাত কৰে।
■ শুই উঠিয়ে ম’বাইল ফোনত চকু নিদিব। এই অভ্যাসে চকুৰ ক্ষতি কৰে।