Kakoijana:
গছ কটাক লৈয়ে আজি বঙাইগাঁৱৰ কাকৈজানাত বহুসংখ্যক লোক পথলৈ ওলাই আহে ৷ উল্লেখযোগ্য যে দুষ্প্ৰাপ্য সোণালী বান্দৰৰ অন্যতম আবাসভূমি হৈছে বঙাইগাঁও জিলাৰ কাকৈজানা প্ৰস্তাৱিত অভয়াৰণ্য ৷ কিন্তু বনাঞ্চলত পৰ্যাপ্ত খাদ্য নোপোৱাৰ বাবেই বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চললৈ ওলাই আহে সোণালী বান্দৰৰ জাক ৷
২ নং ফৌজদাৰ পাৰাৰ জনৈক পাটগিৰী নামৰ এজন লোকে তেওঁৰ ঘৰৰ সন্মুখত পথৰ কাষত থকা ফল থকা দুজোপা বগৰী গছ অনুমতিবিহীনভাৱে কাটি পেলোৱাক লৈ স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰে ৷ ৰাইজে উল্লেখ কৰা অনুসৰি বগৰী গছ দুজোপা থকা স্থানটোৱে আছিল সোণালী বান্দৰৰ কৰি’ডৰ ৷
সেয়ে সোণালী বান্দৰ অহা-যোৱা কৰা পথতেই থকা বগৰী গছ দুজোপাকেই কটাক লৈ স্থানীয় লোকসকল ক্ষুব্ধ হৈ পৰে আৰু লোকজনৰ ঘৰৰ সন্মুখত প্ৰতিবাদো সাব্যস্ত কৰে ৷ ৰাইজে অনুমতিবিহীনভাৱে সোণালী বান্দৰৰ এলেকাত বগৰী গছ কটা লোকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বন বিভাগক দাবী জনাইছে ৷