যি সময়ত একাংশই চৰকাৰী চাকৰিৰ পিছত দৌৰি হতাশাত ভুগিবলগীয়া হৈছে সেইসময়ত এজন যুৱকে বগৰী খেতিৰে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ।
যুৱকজনৰ নাম বকুল হুছেইন মণ্ডল । কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি ৰাজহ চক্ৰৰ অধীনস্থ কাছুকাটা গাঁৱৰ নিৱাসী বকুলে উন্নত জাতৰ বগৰী খেতিৰে উলিয়াইছে জীৱিকাৰ সুন্দৰ পথ ।
আজি বকুলে সংবাদমাধ্যমৰ আগত জনোৱা মতে, পশ্চিম বংগৰ পৰা আপেল কুল, সুন্দৰী কুল প্ৰজাতিৰ বগৰীৰ সঁচ আনি পৰীক্ষামূলকভাৱে এবিঘা মাটিত ৰোপণ কৰে ৷ এবিঘা মাটিত ৰোপণ কৰা বগৰী খেতিয়ে সময়ত ভাল ফলাফল দেখুওৱাত তেওঁৰ মনত উৎসাহ বাঢ়ে আৰু মুঠ দুবিঘা মাটিত বগৰী খেতি কৰিবলৈ স্থিৰ কৰে ।
বকুলে আৰু জানিবলৈ দিয়া মতে, মাত্ৰ আঠ মাহতে বগৰীবোৰ ফলিয়াই ৷ পূৰঠ হ’লে সুস্বাদু মিঠা বগৰীবোৰ তেওঁ কোকৰাঝাৰ, গোসাইগাঁৱ, চৌতাৰা, ফকিৰাগ্ৰাম, দোতমা আদি বিভিন্ন বজাৰত বিক্ৰী কৰে ৷ সকলোবোৰ খা-খৰচ বাদ দি বছৰত অতি কমেও ডেৰ দুই লাখ টকা লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে বকুল ৷
উল্লেখযোগ্য যে, কেৱল বকুলেই নহয় কাছকটা গাঁৱৰ প্ৰায় ২০টা পৰিয়ালে বৰ্তমান লাভজনক বগৰী খেতি কৰি উপাৰ্জনৰ পথ উলিয়াই লৈছে ।