Passenger plane crashes in Kazakhstan:কাজাখাস্তানত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ ৪২ জন যাত্ৰীৰ কৰুণ মৃত্যু

কাজাখাস্তানত যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত, শিশুসহ ৪২ জন যাত্ৰীৰ কৰুণ মৃত্যু

WhatsApp Image 2024 12 25 at 3.28.36 PM

কাজাখাস্তানত শিহৰণকাৰী দুৰ্ঘটনা । আজাৰবাইজান এয়াৰলাইন্সৰ এম্ব্ৰায়াৰ ১৯০ মডেলৰ জে২-৮২৪৩ নম্বৰৰ
এখন যাত্ৰীবাহী বিমান বুধবাৰে পুৱা কেছপিয়ান সাগৰৰ ওচৰৰ কাজাখস্তানৰ আকটাউৰ পৰা ২ মাইল দূৰৰ বিমান বন্দৰৰ ওচৰত ‘জৰুৰীকালীন অৱতৰণ কৰাৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল ৬৯ জন যাত্ৰী। ভয়াৱহ দুৰ্ঘটনাটোত শিশুসহ ৪২ জনকৈ যাত্ৰীৰ কৰুণ মৃত্যু ঘটে ৷


কাজাখ পৰিবহণ মন্ত্ৰালয়ে কোৱা অনুসৰি, বিমানখনত থকা ৩৭ জন যাত্ৰী আজাৰবাইজানৰ, ছয়জন কাজাখস্তানৰ, তিনিজন কিৰ্গিজস্তানৰ আৰু ১৬ জন ৰাছিয়াৰ আছিল । ইয়াৰে ৫ জন ক্ৰু।

অৱশ্যে দুৰ্ঘটনাটোৰ পৰা ২৯ জন লোক ৰক্ষা পৰে ৷ ইতিমধ্যে বহুকেইজনক গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ ভিতৰত দুটা শিশুও আছে বুলি জানিব পৰা গৈছে ৷

কাজাখস্তানৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, আহতসকলৰ চিকিৎসাৰ বাবে বিশেষজ্ঞ চিকিৎসকৰ সৈতে আস্তানাৰ পৰা এখন বিশেষ বিমান প্ৰেৰণ কৰা হৈছে ।

Exit mobile version