12-year-old boy has memorized the Quran in just six months:
অসম্ভৱকো সম্ভৱ কৰি বিশ্ববাসীক আচৰিত কৰি তুলিলে নগাঁও জিলাৰ বটদ্ৰৱা ৰামপুৰ সত্ৰ গাঁৱৰ এগৰাকী ১২ বছৰীয়া মাদ্ৰাছাৰ মেধাৱী ছাত্ৰই।
কিয়নো মাত্র ছটা মাহতেই পৱিত্ৰ কোৰান শ্বৰীফ খন মুখস্থ কৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলক আচৰিত কৰি তুলিলে। এই বিস্ময় বালকজন হৈছে বটদ্ৰৱাৰ ৰামপুৰ সত্ৰ গাঁৱৰ নশ্বেদ আলীৰ ১২ বছৰীয়া পুত্ৰ ৰিবুল আমিন।
লাওঁখোৱাৰ সাত নম্বৰ বগামুখ হাফিজীয়া ও কাৰিয়ানা মাদ্ৰাছাত অধ্যয়ন কৰি তেওঁ ছমাহতেই মুখস্থ কৰিলে পৱিত্ৰ কোৰান শ্বৰীফ। নিয়ম অনুযায়ী অধিক পৰিশ্ৰমৰ পাছতো কোৰান শ্বৰীফ মুখস্থ কৰিবলৈ গ’লে কমেও তিনি বছৰ সময়ৰ প্ৰয়োজন।
কিমান প্ৰতিভাৰ অধিকাৰী হ’লে মাত্র ছমাহতেই মুখস্থ কৰিব পাৰে কোৰান শ্বৰীফ। ৰিবুলৰ সফলতাত গৌৰৱান্বিত মাদ্ৰাছাৰ শিক্ষক আৰু পৰিচালনা সমিতিৰ লগতে সকলো ধৰ্মাৱলম্বী লোক। ৰিবুলক ধর্মীয় নিয়ম অনুযায়ী আজি পাগুৰী প্ৰদান কৰি ইছলাম ধৰ্মাৱলম্বী লোক সকলে সন্মান যাচে।