Expel the Congress from the India Alliance:Aap ইণ্ডি মৰ্চাৰ পৰা বাহিৰ কৰক কংগ্ৰেছক: আপ

k3jiwal

Expel the Congress from the India Alliance : Aap

বিৰোধীৰ ইণ্ডি মৰ্চাত আকৌ এবাৰ বিভাজনৰ সম্ভাৱনা প্রকট হ’ল। এইবাৰ আম আদমী পার্টি (আপ)য়ে ইণ্ডি মৰ্চাৰ পৰা কংগ্ৰেছক বহিষ্কাৰ কৰাৰ দাবী জনালে। ইতিমধ্যে এই মৰ্চাৰ সহযোগী দললৈ কংগ্রেছক বহিষ্কাৰৰ সন্দৰ্ভত বাৰ্তা প্ৰেৰণ আৰম্ভ কৰিলে অৰবিন্দ কেজৰিৱালৰ দলটোৱে।

দিল্লীৰ কংগ্ৰেছ নেতা আৰু এআইচিচিৰ কোষাধ্যক্ষ অজয় মাকেনে বুধবাৰে কেজৰিৱালক ‘ফর্জিৱাল’, ‘জালিয়াত’ বুলি তীব্র কটাক্ষ কৰিছিল। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কোনো মতাদর্শ নাই বুলিও দাবী কৰিছিল মাকেনে। মাকেনৰ এই মন্তব্যৰ পাছত আজি দেশৰ সবাতোকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছক ইণ্ডি মৰ্চাৰ পৰা বহিষ্কাৰৰ দাবী উত্থাপন কৰিলে আপে।

কংগ্রেছ নেতা মাকেনে বৃহস্পতিবাৰে সাংবাদিকৰ আগত প্রশ্ন কৰি কৈছিল, ‘আপে দুর্নীতি বিৰোধী আন্দোলন কৰি ক্ষমতালৈ আহিছিল। কিন্তু কিয় দিল্লীত জন লোকপাল গঢ়া নহ’ল। ‘পঞ্জাৱৰো একেই অৱস্থা।’ ইয়াৰ পাছতে কেজৰিৱালক ‘ফর্জিৱাল’ বুলি কটাক্ষ কৰি মাকেনে পুনৰ কৈছিল, ‘সমগ্ৰ দেশৰ যদি কোনো ব্যক্তি প্রতাৰণাৰ ৰজা হয়, তেন্তে সেইজন কেজৰিৱাল আৰু সেইকাৰণে আমি এতিয়া কেজৰিৱাল চৰকাৰ আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্বেতপত্র প্রকাশ কৰিছো।’

Exit mobile version