Kalinath Panging Received tiyak Sahitya Award’2024:বিশিষ্ট সাহিত্যিক কালিনাথ পাংগিঙলৈ টীয়ক সাহিত্য বঁটা২০২৪

টীয়কত ৰাজহুৱাকৈ কৰিলে প্ৰদান

tiyak

Kalinath Panging Received tiyak Sahitya Award’2024:

চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণি টীয়ক সাহিত্য বঁটা -২০২৪ ‘ তথা চতুৰ্থ বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানটি অতি আড়ম্বৰপূৰ্ণভাৱে টীয়ক শাখা কবি সন্মিলনৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। বিশিষ্ট সাহিত্যিক ,গৱেষক ,ভাষাবিদ কালিনাথ পাংগিঙক উক্ত বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

উক্ত বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক ড: ভাৰত বৰা ,অধ্যাপক ড° দুষ্যন্ত মাধৱ নৰহ,সাংবাদিক ৰামপ্ৰসাদ ফুকন,সমাজকৰ্মী ললিত টাইদ,গোপাল মিলি আদিকে ধৰি শতাধিক সাহিত্য -সংস্কৃতিপ্ৰাণ ব্যক্তি উপস্থিত থাকে । সভাখন পৰিচালনা কৰে টীয়ক শাখা কবি সন্মিলনৰ উপ-সভাপতি যতীন মিলি আৰু সম্পাদক বিমান শইকীয়াই ।

টীয়ক শাখাৰ কবি সন্মিলনৰ শীৰ্ষ গীতেৰে সভা খনৰ শুভাৰম্ভ কৰা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে ড: ভাৰত বৰাই। অনুষ্ঠানৰ শেষত উক্ত বঁটাৰ দাতা পৰিয়ালৰ হৈ দেৱজিত হাজৰিকা আৰু নিতু দত্ত হাজৰিকাই উপস্থিত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Exit mobile version