Cycle safari open to tourists in Laokhawa Sanctuary:লাওখোৱা অভয়াৰণ্যত পৰ্যটকৰ বাবে মুকলি চাইকেল ছাফাৰী

lowkhua

Cycle safari open to tourists in Laokhawa Sanctuary:

বছৰৰ শেষত লাওখোৱা অভয়াৰণ্যৰ পর্যটক সকলৰ বাবে লৈ আহিছে এটা ভাল খবৰ। লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰীত পর্যটকসকলৰ বাবে আজি চাইকেল ছাফাৰী মুকলি কৰা হয়। বন বিভাগৰ সূতিৰপাৰ খণ্ড বন সংমণ্ডলৰ কাৰ্যালয়ত অনুষ্ঠিত এক সভাত উপস্থিত থাকি নগাঁও বন সংমণ্ডল বিষয়া জয়ন্ত ডেকাই চাইকেল ছাফাৰী মুকলি কৰে।

লাওখোৱা অভয়াৰণ্যৰ ৰৌমাৰী বিলৰ পাৰেৰে মথাউৰিৰ ওপৰেৰে প্রায় পাঁচ কিলোমিটাৰ অঞ্চল পর্যটকে চাইকেল ছাফাৰী কৰি পৰিভ্ৰমণ কৰিব পাৰিব। কাজিৰঙা অভয়াৰণ্যত দেখিবলৈ পোৱা প্রায় সকলো বন্যপ্রাণী যেনে গঁড়, বাঘ, বনৰীয়া ম’হ, হৰিণা, বনৰীয়া গাহৰি আৰু আৰু পৰ্যাপ্ত পৰিমাণে পৰিভ্ৰমী পক্ষী এই অঞ্চলটোত পর্যটকে দেখিবলৈ পাব বুলি নগাঁও বন সংমণ্ডল বিষয়া জয়ন্ত ডেকাই জানিবলৈ দিয়ে।

চাইকেল ছাফাৰী মুকলি অনুষ্ঠানত বিশ্ব বন্যপ্রাণী ফেডাৰেছনৰ প্ৰণৱ বৰা, গড়াজানৰ বনাঞ্চলিক বিষয়া মুকুট ৰাভা, জুৰীয়া প্ৰেছ ক্লাবৰ সভাপতি দিলোৱাৰ হুছেইনৰ লগতে নগাঁও বন বিভাগৰ বনকর্মী তথা ইডিচিৰ সদস্যসকল উপস্থিত থাকে।

Exit mobile version