Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট

:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট

syandicate

Syndicate of Boulder and sand in Odalguri-Baksa:

শিল-বালিৰ বৃহৎ ছিণ্ডিকেট। বন আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়াৰে বুজাবুজি কৰি এক বৃহৎ চক্ৰই ৰাজ্যৰ বিভিন্ন প্রান্তলৈ অবৈধভাবে সৰবৰাহ কৰিছে ডাম্পাৰে ডাম্পাৰে শিল-বালি। ফলত কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে।

অভিযোগ অনুসৰি, ওদালগুৰি আৰু বাগসাৰ কে’বাখনো নদীত অবাধ হাৰত শিল- বালি খনন অব্যাহত ৰাখিছে এই বৃহৎ চক্রটোৱে। এই শিল-বালি দৈনিক কমেও পাঁচশ ডাম্পাৰে ৰাজ্যৰ বিভিন্ন প্রান্তললৈ সৰবৰাহ কৰে। নামমাত্ৰ ৰাজহ আদায় দি একাংশ বন আৰু পৰিবহণ বিষয়াবে অবৈধ বুজাবুজিৰে চক্ৰটোৱে এই অসাধু ব্যৱসায় অব্যাহত ৰাখিছে। অভিযোগ উঠিছে যে জিলা দুখনৰ কে’বাখনো নদীৰ পৰা দৈনিক ১২ হেজাৰ ঘনমিটাৰ শিল সংগ্ৰহ কৰা হৈছে যদিও মাত্র দুশ ঘনমিটাৰ শিলৰহে ৰয়েল্টি আদায় দিয়া হৈছে।

ফলত চৰকাৰে দৈনিক বহু লাখ টকাৰ ৰাজহ হেৰুৱাই আহিছে। সমান্তৰালভাৱে উক্ত স্থানৰ পৰা দৈনিক দুশখন শিলভর্তি ডাম্পাৰ বাইহাটা চাৰিআলি হৈ কামৰূপলৈ আহে। এই ডাম্পাৰসমূহে ৩০ মেট্রিকটন ওজন কঢ়িয়াই আনিব পাৰে যদিও প্রতিখন ডাম্পাৰে অতিৰিক্ত বোজাই কৰি ৫০ মেট্রিক টন পর্যন্ত শিল কঢ়িয়াই আনে; কিন্তু এইসমূহ দেখিও নেদেখা ভাও ধৰে পৰিবহণ আৰু বন বিভাগৰ বিষয়াই।

উল্লেখ্য যে নিশা হ’লেই লানি নিছিঙ্গা শিলভর্তি ডাম্পাৰে ৰাজপথত কিদৰে সন্ত্রাস চলাই আহিছে, সেয়া সকলোৰে জ্ঞাত। অত্যধিক বোজাই কৰি অহা এনে ডাম্পাৰৰ খুন্দাত ইতিমধ্যে কিমানজনে মৃত্যুক আঁকোৱালি লৈছে, তাৰ সীমা সংখ্যা নাই। বন বিভাগক ‘মেনেজ’ কৰি এই চক্ৰটোৱে অবৈধভাৱে শিল খনন কৰি অতিৰিক্ত বোজাই কৰি কে’বাখনো জিলালৈ সৰবৰাহ অব্যাহত ৰাখিছে যদিও সংশ্লিষ্ট জিলাসমূহৰ পৰিবহণ বিভাগৰ এইসমূহ ডাম্পাৰ চকুত নপৰা বিষয়টোৱে লুণ্ঠনৰাজৰ স্বৰূপ উদঙাই দিছে।

লগতে অভিযোগ উঠিছে যে উঠিছে যে ছিণ্ডিকেট চক্ৰই এখন ডাম্পাৰৰ নামত সংগ্ৰহ কৰা ট্রেনজিট পাছ (টিপি)ৰ জৰিয়তে ২০-২৫খন ডাম্পাৰ পাৰ কৰি নিয়ে। এজন ডিএফঅ’ আৰু এজন জিলা পৰিবহণ বিষয়াৰ পৃষ্ঠপোষকতাতে চক্রটোৱে ওদালগুৰি, বাত্সা আৰু কামৰূপ জিলাত এই শিল-বালিৰ ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ স্থানীয় দুই-তিনিজন বন বিষয়া (ৰেঞ্জাৰ)ই অবৈধভাৱে শিল-বালি কঢ়িয়াই অনা ডাম্পাৰসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ প্রস্তুতি চলাইছিল যদিও এইক্ষেত্রত বাধাদান কৰি সংশ্লিষ্টসকলক ভাবুকিহে প্রদান কৰিছে এজন পৰিবহণ বিষয়াই।

এইদৰে এতিয়া ৰাজ্য চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱালগীয়া হৈছে যদিও সকলো দেখিও চৰকাৰৰ বৰমূৰীয়াসকলে মৌনতা অৱলম্বন কৰাৰ আঁৰৰ ৰহস্য ৰাইজে নুবুজাকৈ থকা নাই।

Exit mobile version