Putin apologizes for shooting down Azerbaijani plane:
যোৱা বুধবাৰে পুৱা কাজাখস্তানত ভূপতিত হোৱা বিমানখন প্রকৃততে ৰুছ বায়ুসেনাই ক্ষেপণাস্ত্র জাতীয় অস্ত্ৰৰে ধ্বংস কৰা বুলি উত্থাপিত অভিযোগ সম্প্রতি সত্য প্রমাণিত হৈছে। এই অভিযোগ সঁচা বুলি মানি লৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে ক্ষমা বিচাৰিছে।
উল্লেখ্য যে কাজাখস্তানত আকতাও বিমানকোঠৰ ওচৰত যোৱা বুধবাৰে ধ্বংসপ্রাপ্ত হোৱা বিমানখন আছিল আজাৰবাইজানৰ। ৰাছিয়াৰ দক্ষিণ অঞ্চলৰ চেচনিয়া অভিমুখে যাত্রা কৰি থকা অৱস্থাত ৰুছ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে যাত্রীভর্তি বিমানখন ক্ষেপণাস্ত্র জাতীয় অস্ত্ৰৰে আঘাত কৰি ভূপতিত কৰে। এই ভয়াৱহ বিমান দুৰ্ঘটনাত ৩৮ জন লোকৰ প্ৰাণহানি ঘটে। বিমানখনত থকা যাত্ৰী আৰু বিমান কৰ্মচাৰীসহ ৬৭ জন লোক আছিল। ৩২ জনক জীৱন্তে উদ্ধাৰ কৰা হৈছিল যদিও পাছত তেওঁলোকৰ তিনিজনৰ চিকিৎসাধীন অৱস্থাত মৃত্যু হয়।
পুটিনে কয় যে ইউক্রেইনৰ ড্ৰ’ণ আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ ভুলবশতঃ ৰুছ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে আজাৰবাইজানী যাত্রীভর্তি বিমানখন ধ্বংস কৰে। লক্ষ্যণীয় যে ৰাছিয়া আৰু আজাৰবাইজানৰ মাজত বন্ধুত্বপূর্ণ সম্পর্ক আছে। মাজ আকাশত যাত্রীভর্তি বিমানখন ৰুছ বায়ু প্ৰতিৰক্ষা বাহিনীয়ে ক্ষেপণাস্ত্র জাতীয় অস্ত্ৰৰে ধ্বংস কৰাৰ বাবে আজাৰবাইজানী ৰাষ্ট্ৰপতি আলিয়েভৰ ওচৰত ক্ষমা বিচাৰি ৰুছ ৰাষ্ট্ৰপতি কার্যালয়ে কয়, ‘এই কৰৰুণ ঘটনাৰ বাবে ভ্লাডিমীৰ পুটিনে ক্ষমা বিচাৰিছে। ঘটনাটোত প্রাণহানি ঘটা সকলৰ পৰিয়ালবৰ্গলৈ গভীৰ আৰু আন্তৰিক সমবেদনা জনাই ৰাষ্ট্ৰপতিয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।’
লক্ষ্যণীয় যে যাত্রীভর্তি আজাৰবাইজানী বিমানখন ৰাছিয়াই ধ্বংস কৰা বুলি দুর্ঘটনাটোৰ পাছৰে পৰা সৰৱ হৈ আহে ইউক্রেইন আৰু মার্কিন কর্তৃপক্ষ। বিমানখন ধ্বংস হোৱাৰ বাবে ৰাছিয়াক প্রত্যক্ষভাবে দায়ী কৰি ইউক্রেইনৰ ৰাষ্ট্ৰপতিৰ মুখপাত্র এন্ড্রি য়েৰমাকে কয় যে ঘটনাটোৰ বাবে ৰাছিয়াক দায়ী কৰিবই লাগিব। গতিকে ৰুছ ৰাষ্ট্ৰপতি পুটিনে ক্ষমা বিচৰাৰ লগে লগে বিমান দুর্ঘটনাটোক কেন্দ্ৰ কৰি সৃষ্ট এনে ধৰণৰ চৰ্চা বা বিতৰ্কৰ অৱসান ঘটাৰ সম্ভাৱনা প্রকট হৈছে ।