Bilasipara Teacher:
মানুহক আক্ৰমণ কৰিবলৈ হাতত অস্ত্ৰ তুলি লোৱা শিক্ষক কেনেকৈ পাঠদান কৰে চাবলৈ আজি লক্ষীমাৰী এম ই (এ)বিদ্যালয়ত উপস্থিত হ’ল শতাধিক অভিভাৱক। বিদ্যালয় খনৰ শিক্ষক শ্বাহ আলম সৰকাৰ এজন লোকক হত্যাৰ চেষ্টা চলাই বৰ্তমান পলাতক।
বিদ্যালয় খনৰ শিক্ষক শ্বাহ আলম সৰকাৰ ২৫ ডিচেম্বৰৰ নিশা পুত্ৰ ইনজামামুল সৰকাৰ আৰু ভাগিন ৰেজ্জাক তালুকদাৰক লগত লৈ আক্ৰমণ কৰে জয়নাল সেখৰ ঘৰত। শিক্ষক শ্বাহ আলমে ডেগাৰ-চুৰিৰে আক্ৰমণ কৰে জয়নালৰ পুত্ৰ মিৰাজুল ইছলামক। তেওঁকক বচাবলৈ অহা পত্নী আমিনা বিবি ভাতৃ সাহাজুল ইছলামকো তিনিও আক্ৰমণ কৰিয়ে কৰে পলায়ন।
গুৰুতৰ ভাবে আহত মিৰাজুলক প্ৰথমে কোচবিহাৰ আৰু পিছত ভৰ্তি কৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত। বৰ্তমান মৃত্যুৰ সৈতে যুজি আছে মিৰাজুল। ইপিনে দুবাৰকৈ গোলকগঞ্জ থানাত এজাহাৰ দিব গৈ ঘুৰি আহিব লগা হৈছিল পৰিয়ালৰ লোক। প্ৰতিবাৰে ঘুৰাই পঠাইছিল আৰক্ষীয়ে দাবী ধমকি দি।
২৮ ডিচেম্বৰত ৰাইজ ক্ষুদ্ধ হৈ থানা ঘেৰাও কৰাৰ পিছত আৰক্ষীয়ে এজাহাৰ লৈ ইনজামামুল আৰু ৰেজ্জাকক গ্ৰেপ্তাৰ কৰে যদিও আজিও আটক কৰিবলৈ সক্ষম হোৱা নাই মূল অভিযুক্ত শ্বাহ আলম সৰকাৰক। উল্লেখ্য যে শিক্ষক শ্বাহ আলমে ছাত্ৰ- ছাত্ৰীক মাৰপিট কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে পূৰ্বৰে পৰা আছে ধৰ্ষণৰ অভিযোগ।