আমি সাধাৰণতে শুনো যে আমাৰ শৰীৰৰ বাবে ৰ’দ লোৱাটো বহুতো উপকাৰী । ৰ’দত আমাৰ শৰীৰত প্ৰয়োজনীয় ভিটামিন ডি থাকে বুলি কোৱা হয় ৷ সূৰ্যৰ ৰশ্মি হৈছে স্বাস্থ্যৰ বাবে ঔষধিযুক্ত কাম কৰে । সূৰ্যৰ ৰশ্মিত লাভ কৰা ভিটামিন ডি শৰীৰৰ হাড়, ৰোগ প্ৰতিৰোধ প্ৰণালী আৰু সামগ্ৰিক স্বাস্থ্যৰ বাবে ভিটামিন ডি অত্যাৱশ্যকীয় ৷ সূৰ্যৰ ৰশ্মি আমাৰ দেহত কেনেদৰে লব পাৰে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
পুৱা সূৰ্যৰ ৰশ্মি মৃদু, যিয়ে ছালত মৃদু প্ৰভাৱ পেলায় ৷ পুৱা ৮ বজাৰ পৰা ১০ বজাৰ ভিতৰত সূৰ্যৰ পোহৰ লোৱাটো অধিক উপকাৰী ৷ পুৱা ১১ বজাৰ পৰা ১ বজাৰ ভিতৰত ইউভিবি ৰশ্মি সৰ্বাধিক হয়, যাৰ ফলত ভিটামিন ডি দ্ৰুতগতিত উৎপাদন হয় ৷ এই সময়ছোৱাত সূৰ্যৰ ৰশ্মিয়ে ছালৰ ক্ষতি কৰিব পাৰে (ছানবাৰ্ণ আৰু ছালৰ কৰ্কট ৰোগৰ আশংকা) ৷ শৰীৰত এই সূৰ্যৰ ৰশ্মি ১০-১৫ মিনিটলৈকেহে লোৱাটো প্ৰয়োজনীয় ।
- ভিটামিন ডিয়ে হাড়ৰ শক্তিশালী কৰে ৷
- ভিটামিন ডি ৰোগ প্ৰতিৰোধ কৰাত সহায়ক ৷
- ভিটামিন ডিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য শক্তিশালী কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷
- ভিটামিন ডিয়ে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে ৷ ই ঋতুগত প্ৰভাৱাত্মক বিকাৰ (এছএডি) নিয়ন্ত্ৰণ কৰে ৷
- ভিটামিন ডিয়ে মেদবহুলতা ,ডায়েবেটিছৰ স্তৰ নিয়ন্ত্ৰণ কৰে ৷
- ভিটামিন ডিৰ অভাৱৰ ফলত ভাগৰ আৰু দুৰ্বলতা বেছি হয় ।
- ভিটামিন ডিৰ অভাৱৰ ফলত হাড় আৰু গাঁঠিত বিষ বেছি হয় ।
- ভিটামিন ডিৰ অভাৱৰ ফলত চুলি সৰা বেছি হয় ৷
- ভিটামিন ডিৰ অভাৱৰ ফলত সঘনাই সংক্ৰমণ হয় ।
- ভিটামিন ডিৰ অভাৱৰ ফলত পেশীৰ দুৰ্বলতা বৃদ্ধি হয় ।
