Israel-Gaza war: অশান্ত গাজা ষ্ট্ৰিপ, মহিলা আৰু শিশুসহ ১২ গৰাকী পেলেষ্টাইনীৰ মৃত্যু

Israel-Gaza war: অশান্ত গাজা ষ্ট্ৰিপ, মহিলা আৰু শিশুসহ ১২ গৰাকী পেলেষ্টাইনীৰ মৃত্যু

গাজা

গাজাত এতিয়াও অব্যাহত আছে অস্থিৰতা । নৱবৰ্ষৰ পহিলা দিনটোতেই গাজাত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে । ইজৰাইলৰ মুঠ ৩ টা আক্ৰমণত মুঠ ১২ গৰাকী পেলেষ্টাইনীৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰতেই বেছিভাগে মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে ।

ADVERTISEMENT

উত্তৰ গাজাৰ জাবালিয়া অঞ্চলৰ এটা বাসগৃহত ইজৰাইলে প্ৰথমটো আক্ৰমণ কৰে । গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি এই আক্ৰমণত এগৰাকী মহিলা আৰু ৪ টা শিশুসহ ৭ জন লোক নিহত হৈছে । ইজৰাইলৰ সামৰিক বাহিনীয়ে দাবী কৰা মতে তেওঁলোকে হামাছৰ ঘাটিত আক্ৰমণ কৰিছিলি । ইফালে মধ্য গাজাৰ নিৰ্মীয়মান বুৰেইজ শৰণাৰ্থী শিবিৰত নিশাটোৰ ভিতৰতে হোৱা আন এক আক্ৰমণত এগৰাকী মহিলা আৰু এটা শিশু নিহত হয় বুলি জানিব পৰা গৈছে ।

ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে হামাছক সতৰ্ক কৰি দিয়ে যে, যদি এই আক্ৰমণ বন্ধ নকৰে তেন্তে তেওঁলোকে গাজাত বন্দী হৈ থকা বন্দীসকলক মুকলি কৰি নিদিয়ে ।

উল্লেখ্য যে, গাজা- ইজৰাইলৰ যুদ্ধত ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা কমেও ৪৫,৫৮১ জন পেলেষ্টাইনী নিহত আৰু ১,০৮,৪৩৮ জন আহত হৈছে। হামাছৰ নেতৃত্বত হোৱা আক্ৰমণৰ সময়ত ইজৰাইলত কমেও ১,১৩৯ জন লোক নিহত হৈছিল আৰু ২০০ ৰো অধিক লোকক বন্দী কৰা হৈছিল।

Exit mobile version