Murder case in Merapani : ভোজ-ভাতৰ মাজতেই তয়াময়া ৰণ, এগৰাকী মহিলাৰ কৰুণ মৃত্যু

ভোজ-ভাতৰ মাজতেই তয়াময়া ৰণ, এগৰাকী মহিলাৰ কৰুণ মৃত্যু

murder

murder

নৱবৰ্ষৰ উলহ-মালহৰ মাজতেই গোলাঘাট জিলাৰ মেৰাপানীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে । নৱবৰ্ষৰ বাবে আয়োজন কৰা ভোজৰ মাজতেই দুইপক্ষৰ মাজত তয়াময়া ৰণ, ফলত এগৰাকী মহিলাই কৰুণ মৃত্যুক আকোঁৱালি লৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি, মেৰাপানীৰ ২ নং গমাৰি গাঁৱত দুলু দাস (৪৮) নামৰ এগৰাকী মহিলাৰ ঘৰত ভোজ-ভাত আয়োজন কৰি থকাৰ সময়তে একেখন গাঁৱৰে দুটা ফৈদৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । এই কাজিয়া এৰুৱাবলৈ যোৱা যোৱা দুলু দাসক প্ৰহাৰ কৰি হত্যা কৰে মাধৱ বৰুৱা নামৰ এজন লোকে ।

তথ্য অনুসৰি, সমীপৰে মাধৱ বৰুৱাৰ পুত্ৰ মৃগাংক বৰুৱা আৰু গাঁৱৰে চিত্ৰ বৰুৱা, তুলু বৰুৱা আদি তিনিওৰে মাজত সামান্য কথাত কাজিয়াৰ সূত্রপাত হয়। ঘৰৰ সন্মুখত কাজিয়া লাগি থকা বাবে দুলু দাসে তিনিওকে কাজিয়া কৰিবলৈ বাধা দি সেই ঠাইৰ পৰা যাবলৈ কোৱাৰ সময়তে মৃগাংকৰ পিতৃ মাধৱ বৰুৱাই অত্যাধিক মদ্যপান কৰি সেই স্থানত উপস্থিত হৈ দুলু দাসক প্ৰহাৰ কৰে। লগে লগে দুলু দাস পথত ঢলি পৰে । ফলত তেওঁৰ মূৰ ফাটি অধিক ৰক্তক্ষৰণ হয়।

এই ঘটনাৰ পিছতেই নিশা মহিলাগৰাকীক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে নিয়াৰ বিপৰীতে ঘৰৰৰ লোকে ঘৰতে শুৱাই থয়। অৱশেষত শুই থকা অৱস্থাত বৃহস্পতিবাৰে পুৱাই মহিলাগৰাকীৰ মৃত্যু হয়। এই ঘটনাৰ পিছতেই দুলু দাসৰ পৰিয়ালে দুলু দাসক হত্যা কৰাৰ অভিযোগ তুলি মাধৱ বৰুৱাৰ বিৰুদ্ধে মেৰাপানী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুলু দাসৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

সম্প্ৰতি মাধৱ বৰুৱা পলাতক বুলি জানিব পৰা গৈছে। মেৰাপানী আৰক্ষীয়ে মাধৱ বৰুৱাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক মাধৱক অচিৰেই থানাত হাজিৰ হবলৈ নিৰ্দেশ প্রদান কৰা বুলি আৰক্ষীসূত্ৰই প্ৰকাশ কৰিছে ।

Exit mobile version