HMVP Virus: চীনত পুনৰ কোভিডসদৃশ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

চীনত পুনৰ কোভিডসদৃশ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ

WhatsApp Image 2025 01 03 at 6.54.04 PM

চীনত পুনৰ নতুন ভাইৰাছৰ সংহাৰ । এইবাৰ চীনত কোভিডসদৃশ ভাইৰাছৰ প্ৰাদুৰ্ভাৱ । দেশখনত বিশেষকৈ ১৪ বছৰৰ তলৰ শিশুসকলৰ শৰীৰত মানৱ মেটাপ্নিউমোভাইৰাছ (এইচ.এম.পি.ভি.) নামৰ এক নতুন ভাইৰাছ চিনাক্ত কৰা হৈছে । অৱশ্যে ভাৰতত এই ভাইৰাছৰ কোনো প্ৰতিবেদন প্ৰতিবেদিত হোৱা নাই । ২০২৫ চনৰ পহিলা দিনটোৰ পৰা ৩ তাৰিখলৈ এই ভাইৰাছত আক্ৰান্ত কেইবাজনো ৰোগী পোৱা হৈছে । ফলত দেশখনত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।

এই খবৰ পোহৰলৈ অহাৰ লগে লগে ভাৰততো তীব্ৰ চৰ্চা অব্যাহত আছে । ডাঃ অৰুণ গুপ্তাই কয় যে, “এইচ.এম.পি.ভি. লক্ষণবোৰৰ বেছিভাগেই চি.ও.ভি.আই.ডি.-19-ৰ দৰেই । এতিয়ালৈকে কেৱল চীনতহে এই ভাইৰাছ সংক্ৰমিত হোৱাৰ খবৰ পোৱা গৈছে । এতিয়ালৈকে এই ভাইৰাছে ভাৰতত কোনো ধৰৰ ক্ষতি কৰাৰ কোনো খবৰ অহা নাই ।”

এই ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ জনবহুল স্থানত মাস্ক পৰিধান, কোনো লোকৰ সৈতে সংস্পৰ্শলৈ অহা পৰিহাৰ কৰক । এই সাৱধানতাসমূহ অৱলম্বন কৰিলেই এইচ.এম.পি.ভি. সংক্ৰমিত হোৱাৰ পৰিত্ৰাণ পাব বুলি বুলি চীনৰ চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে । ই এক প্ৰকাৰৰ শ্বাস-প্ৰশ্বাসত সংক্ৰমিত ভাইৰাছ ।

Exit mobile version