Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চীনৰ আৰু এক ভয়ংকৰ ভাবুকি

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
December 30, 2024
in India, Assam, News
Reading Time: 4 mins read
0
চীনৰ আৰু এক ভয়ংকৰ ভাবুকি
1
SHARES
9
VIEWS
ShareShareShareShare

চীনৰ আৰু এক ভয়ংকৰ ভাবুকি

#প্ৰাঞ্জলসেন ডেকা

চীনৰ শেহতীয়া এক সিদ্ধান্তই পুনৰ গভীৰ ভাবুকিৰ মুখলৈ ঠেলি দিলে অসমসহ ভাৰত আৰু চুবুৰীয়া বাংলাদেশক। ভাৰতৰ সীমান্তৰ পৰা মাত্র ৩০ কিলোমিটাৰ আঁতৰৰ তিব্বতৰ য়াৰলুং চাংপ’ অর্থাৎ ব্ৰহ্মপুত্র নদীৰ গতিপথৰ ওপৰত এক বিশাল জলবিদ্যুৎ প্রকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্রহণ কৰিছে চীনৰ জি জিনপিং চৰকাৰে। তাৰ বাবে যি প্রকাণ্ড বান্ধ নির্মাণ কৰিবলৈ লোৱা হৈছে, সি. হ’ব সমগ্র বিশ্বৰে সৰ্ববৃহৎ বান্ধ।

ADVERTISEMENT

বর্তমান বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ কেন্দ্র ‘থ্ৰী গর্জেছ’ বান্ধটো আছে মধ্য চীনৰ হুবেই প্ৰদেশৰ ইয়াংজে নদীৰ ওপৰত। ইয়াৰ বিদ্যুৎ উৎপাদন ক্ষমতা বছৰি ৮৮ বিলিয়ন কিলোৱাট-ঘণ্টা। (যিকোনো এটা যন্ত্র চলি থকাৰ সময়ত ব্যৱহাৰ কৰা বিদ্যুতৰ পৰিমাণ জোখাৰ বাবে এই কিলোৱাট-ঘণ্টা একক ব্যৱহাৰ কৰা হয়; অর্থাৎ এঘণ্টাৰ বাবে এহেজাৰ ৱাটৰ বৈদ্যুতিক শক্তি ব্যয়ৰ ই পৰিমাপক।) প্ৰস্তাৱিত প্ৰকল্পৰ লক্ষ্য ধাৰ্য কৰা হৈছে বছৰি তিনিশ বিলিয়ন কিলোৱাট-ঘণ্টা বিদ্যুৎ শক্তি উৎপাদন। এয়া ‘থ্ৰী গর্জেছ’ প্রকল্পতকৈ তিনি গুণৰো অধিক। গতিকে প্রস্তাৱিত প্রকল্পৰ বিশালতা অনুমান কৰাও দুৰূহ।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

চীনা ৰাষ্ট্ৰপতি জিনপিঙে ২০২১ত তিব্বত ভ্রমণৰ সময়তে তাত এক বৃহৎ জলবিদ্যুৎ প্রকল্প স্থাপনৰ পোষকতা কৰিছিল। দেশৰ চতুৰ্দশ পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত প্ৰথমবাৰ এই প্ৰকল্পৰ বিষয়ে চৰ্চা কৰা হয়। ২০২০ত চীন চৰকাৰৰ পাৱাৰ কনষ্টাকচন কৰ্প’ৰেচনৰ তদানীন্তন অধ্যক্ষ য়ান জিয়োঙে কৈছিল যে তিব্বতত য়াৰলুং চাংপ’ৰ অৱস্থানে ইয়াক পৃথিৱীৰ অন্যতম সর্বাধিক জলবিদ্যুৎ সমৃদ্ধ অঞ্চলৰূপে গঢ়ি তুলিছে। এই নদীৰ প্রায় ৫০ কিলোমিটাৰ জোৰা অংশত দুহেজাৰ মিটাৰ উচ্চতাৰ পৰা পানী বাগৰি আহে।

পানীৰ এই ঢালটোৱে জলবিদ্যুৎ উৎপাদনত সহায় কৰে যদিও এইক্ষেত্ৰত যথেষ্ট কাৰিকৰী প্ৰত্যাহ্বান আছে। গতিকে এই প্ৰকল্পৰ নিৰ্মাণ ব্যয়ো হ’ব অভাবনীয়। ভাৰতীয় মুদ্রাত এই ব্যয় ১১ লাখ ৭০ হেজাৰ কোটি টকাৰো অধিক হ’ব বুলি কোৱা হৈছে তিব্বত মালভূমিৰ পূব প্ৰান্তত নিৰ্মণ কৰিবলৈ লোৱা এই প্ৰকল্পৰ ফলত কিমান মানুহ উৎখাত হ’ব অথবা ইয়াৰ পৰিৱেশতন্ত্ৰৰ ওপৰত কেনে ধৰণৰ বিৰূপ প্ৰভাৱ পৰিব সেই সম্পৰ্কত চীনৰ তৰফৰ পৰা কোনো তথ্যই প্রকাশ কৰা হোৱা নাই।

য়াৰলুং চাংপ’ অর্থাৎ ব্ৰহ্মপুত্র তিব্বতৰ কৈলাশ পৰ্বতৰ সমীপৰ আংচি হিমবাহৰ পৰা উৎপত্তি হৈ তিনি হেজাৰ কিলোমিটাৰ বিস্তৃত হৈ আছে। তিব্বতৰ পৰা এই নদী অৰুণাচল প্রদেশ আৰু অসমৰ মাজেদি বৈ গৈ বাংলাদেশত পৰিছে আৰু তাৰ পাছত গংগা নদীৰ লগত মিলি বংগোপসাগৰত পৰিছেগৈ। লক্ষ্যণীয় যে বাংলাদেশ জলভাগৰ ১০ শতাংশতকৈ অধিক সীমান্তৰ বাহিৰৰ পৰা যায়। খৰালি কালত কেৱল ব্রহ্মপুত্র নদীয়েই বাংলাদেশক ৭০ শতাংশ পানীৰ যোগান ধৰে। গতিকে ব্ৰহ্মপুত্র কেৱল অসমৰেই নহয়, বাংলাদেশৰো জীৱনৰেখা তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

এই কথা ইতিমধ্যে প্রকাশিত হৈছে যে চীনৰ এই বিশাল জলবিদ্যুৎ প্রকল্পৰ বাবে মাউন্ট নামচা বাৰৱা পৰ্বতৰ আশে- পাশে কমেও চাৰিটা ২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ সুৰংগ খন্দাৰ প্ৰয়োজন হ’ব। এনেদৰেই তিব্বতৰ দীর্ঘতম নদী য়াৰলুং চাংপ’ৰ পানী আন দিশে বোৱাই নিয়া হ’ব। গতিকে ইয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্ভৰশীল ভাৰত আৰু বাংলাদেশত কেনে বিপৰ্যয়ৰ সৃষ্টি কৰিব পাৰে তাকে লৈ দুই দেশত উদ্বেগৰ সৃষ্টি হোৱাটোৱে স্বাভাবিক। একাংশ বিশেষজ্ঞই এই সম্পর্কত কয় যে চীনে মেকং নদীৰ ওপৰতো বান্ধ নিৰ্মাণ কৰিছে।

সেই বান্ধৰ নামনি অংশৰ অধ্যয়ন কৰাৰ পাছত দেখা গ’ল যে চীনে বান্ধত পানী জমা কৰে যদিও সেয়া যথা সময়ত এৰি নিদিয়ে। অকল সেয়ে নহয়, নদীৰ পানীয়ে কঢ়িয়াই অনা পলসৰ অর্ধেকৰো বেছি অংশ বান্ধে আৱদ্ধ কৰি ৰাখে। এই পলস আগলৈ কিদৰে বৈ যাব তাৰ কোনো ব্যৱস্থাও নাই। গতিকে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ পাছত ভাৰত আৰু বাংলাদেশেও একে ধৰণৰ পৰিণতি ভুগিবলগীয়া হ’ব বুলি একাংশ বিশেষজ্ঞই আশংকা প্রকাশ কৰিছে। তদুপৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল তথা বাংলাদেশ সুদীর্ঘকাল ধৰি বানপানীৰ সম্মুখীন হৈ আহিছে। জলবায়ু পৰিবৰ্তনে এই অঞ্চলবোৰলৈ অধিক প্রাকৃতিক দুর্যোগ কঢ়িয়াই অনাৰ আশংকাও প্রকাশিত হৈ আহিছে। আনকি অঞ্চলটো ভূমিকম্প প্রবণৰূপেও চিহ্নিত হৈছে। এনে পৰিপ্ৰেক্ষিতত ইয়াৰ জীৱনৰেখা স্বৰূপ ব্ৰহ্মপুত্ৰৰ ওপৰত বিশল বান্ধে পৰিবেশস্ত্ৰত যে বিৰূপ প্ৰভাৱ পেলাই অধিক বিপর্যয় কঢ়িয়াই আনিব তাত সন্দেহ নাই।

এই প্রসংগতে উল্লেখনীয় যে বিশ্বৰ প্রায় ২০ শতাংশ জনসংখ্যাই চীনত বাস কৰে। ইয়াৰ বিপৰীতে বিশ্বৰ সেৱনযোগ্য পানীৰ সাত শতাংশ সেই দেশত উপলব্ধ। গতিকে কৃষিকার্যৰ লগতে অন্যান্য কাৰণত চীনক অধিক পানীৰ প্ৰয়োজন। দেশৰ উত্তৰ প্ৰান্তত এক বৃহৎ জনসংখ্যাই বাস কৰে যদিও এই অঞ্চলটোৱে পর্যাপ্ত পানীৰ অভাৱত ভুগি আহিছে। সেয়েহে দক্ষিণ চীনৰ নদীসমূহৰ গতিধাৰা সলনি কৰি উত্তৰ প্ৰান্তলৈ পানী বোঁৱাই নিবলৈ যথেষ্টসংখ্যক বান্ধ নিৰ্মাণ কৰা হৈছে। ইয়াৰ এক বৃহৎ মূল্য ভৰিবলগীয়া হৈছে তিব্বত আৰু ইয়াৰ বাসিন্দাসকলে। ১৯৫০ত তিব্বত দখলৰ পাছৰে পৰা চীনে এই অঞ্চলটো কঠোৰ নিয়ন্ত্ৰণত ৰাখিছে।

সমান্তৰালভাৱে বহুসংখ্যক নদীবান্ধ নির্মাণ কৰি জলবিদ্যুৎ উৎপাদন কৰাৰ উপৰি নদীৰ পানী চীনৰ মূল ভূভাগলৈ বোঁৱাই নিছে। এনে ধৰণৰ ক্ষতিকাৰক নদীবান্ধৰ বিৰোধ কৰি অহা তিব্বতীসকলৰ ওপৰত বেইজিঙে কঠোৰ দমন নীতি অব্যাহত ৰাখিছে। এনে অত্যাচাৰত সহস্রাধিক লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে। তিব্বতৰ বাসিন্দা আৰু ভূমিৰ ওপৰত এনেদৰেই বেইজিঙৰ প্ৰশাসনে নির্মম শোষণ চলাই আহিছে।

চীনে এই প্রকল্পই সাম্প্ৰতিক পৰিৱেশৰ ওপৰত কোনো বিৰূপ প্রভাব নেপেলায় বুলি ইতিমধ্যে দাবী কৰিছে; বৰঞ্চ চৰকাৰীভাৱে দাবী কৰা হৈছে যে ই বিশ্ব জলবায়ু পৰিবৰ্তনৰ স’তে মোকাবিলাৰ বাবে দেশখনৰ কাৰ্বন নির্গমন প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। লগতে অভিযান্ত্রিক উদ্যোগৰ সুযোগ সৃষ্টিৰ উপৰি তিব্বতত কর্ম সংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। অকল সেয়ে নহয়, চীনৰ জিনহুৱা বিশ্ববিদ্যালয়ৰ জলবিজ্ঞান ইঞ্জিনীয়াৰিং বিভাগে যোৱা বছৰ সম্পন্ন কৰা এক অধ্যয়নৰ বিষয়ে এই সম্পর্কত উদ্ধৃতি দিয়া হৈছে। উক্ত অধ্যয়নত কোৱা হৈছে যে যদিহে চীনৰ স’তে ভাৰত আৰু বাংলাদেশে সহযোগিতাআগবঢ়ায় তেন্তে এই প্ৰকল্পৰ দ্বাৰা তেওঁলোকো লাভৱান হ’ব।

বানপানীৰ সময়ত এই বান্ধ ব্যৱহাৰ কৰিলে ভাৰতত ৩২.৬ শতাংশ আৰু বাংলাদেশত ১৪.৮ শতাংশ বান প্রভাৱিত অঞ্চল হ্রাস পাব বুলিও উক্ত অধ্যয়নে দাবী কৰিছে। অৱশ্যে বেইজিং মহলৰ এনে দাবীৰ বিপৰীতে নদীবান্ধ বিশেষজ্ঞ তথা বিভিন্ন মানবাধিকাৰ সংগঠনে এই জলবিদ্যুৎ প্রকল্পই কঢ়িয়াই আনিব পৰা ভয়ংকৰ পৰিণতিক লৈ গভীৰ আশংকা ব্যক্ত কৰিছে। ব্ৰহ্মপুত্ৰৰ ওপৰত নিয়ন্ত্রণে চীনক যে ফলপ্রসূভাৱে ভাৰতীয় অর্থনীতিৰ ওপৰতো নিয়ন্ত্ৰণৰ সুযোগ আনি দিব, তাক লৈ সন্দেহ- সংশয়ৰ অৱকাশ নাই। এনে ধৰণৰ প্ৰকল্প নিৰ্মাণৰ সময়ত চীনে দাবী কৰে যে ইয়াক স্বচ্ছ শক্তিৰ উৎসৰূপে ব্যৱহাৰ কৰিব; কিন্তু সময়ত প্রয়োজন সাপেক্ষে সেই পানীকে অস্ত্ৰৰূপেও ব্যৱহাৰ কৰাৰ থল আছে। বিশেষকৈ দুই দশৰ মাজত বিভিন্ন কাৰণত সৃষ্টি হোৱা উত্তেজনাপূর্ণ সময়ত।

এনে ধৰণৰ বৃহৎ বান্ধে যে কেৱল ইয়াৰ আশে পাশে থকা আবাসিক অঞ্চলৰেই নহয়, বনজ সম্পদ তথা বন্যপ্রাণীৰো বিস্তৰ ক্ষতিসাধন কৰে তাক দোহৰাৰ প্ৰয়োজন নাই। নদীৰ পানীয়ে বৈ অনা পলস বিভিন্ন খনিজ পদাৰ্থৰে সমৃদ্ধ হোৱা বাবে ই কৃষিকৰ্মৰ বাবে অতি উপযোগী; কিন্তু এনে বান্ধে পলসৰ প্ৰবাহত কিদৰে বাধাগ্ৰস্ত কৰে তাক ইতিমধ্যে উল্লেখ কৰা হৈছে। তদুপৰি বান্ধত আবদ্ধ কৰি ৰখাৰ ফলত নদীৰ স্বাভাবিক গতিধাৰা বাধাগ্ৰস্ত হৈ নামনি অংশ তৰাং হৈ পৰাৰ বিপৰীতে হঠাৎ পান এৰি দিবলগীয়া হোৱাৰ ফলত বিধ্বংসী বানপানীৰ আশংকাই প্রতিমুহূৰ্ততে সংশ্লিষ্ট অঞ্চলসমূহক আতংকিত কৰি ৰাখে।

এনেদৰে হ্রাস পোৱা পানীৰ জোৰা মাৰিবলৈ ভূগৰ্ভৰ ব্যয়বহুল পানীৰ ওপৰত অধিক নিৰ্ভৰশীল হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়। ইয়াৰ পৰিণতিত জলস্তৰ হ্রাস পোৱাৰ লগতে ভূমি ক্ষয় আৰু ভূগৰ্ভৰ পানী খাৰুৱা হৈ পৰে। উদাহৰণস্বৰূপে পশ্চিমবংগত ফাৰাক্কা বান্ধ নির্মাণৰ পাছত গংগা নদীৰ সৰ্বাধিক প্রবাহ যথেষ্ট হ্রাস পায়। ইয়াৰ ফলত ভাৰত আৰু বাংলাদেশত মাছৰ বহু প্ৰজাতিৰ বিলুপ্তি ঘটাৰ উপৰি পদ্মা নদী (বাংলাদেশ গংগাৰ নাম)  উপনৈবোৰ শুকাই যোৱাৰ লগতে ভূগৰ্ভৰ পানী লুণীয়া হ’বলৈ ধৰে।

তিব্বতত চীনৰ বান্ধৰ প্রভাৱ হ্রাস কৰিবলৈ ব্রহ্মাপুত্ৰৰ ওপৰত অৰুণাচল প্রদেশত ভাৰতেও বান্ধ নিৰ্মাণ কৰিব লাগে বুলি একাংশ বিশেষজ্ঞই দাবী কৰিছে। কিন্তু চীনৰ পাছত ভাৰতে ব্ৰহ্মপুত্ৰত এইদৰে বান্ধ নিৰ্মাণ কৰিলে সবাতোকৈ নিম্ন অংশত থকা বাংলাদেশ বেছি ক্ষতিগ্রস্ত হ’ব। তাৰ বিৰূপ প্রভাৱ বিভিন্ন ধৰণে ভাৰতেই ভোগ কৰিবলগীয়া হোৱাৰ আশংকাও নথকা নহয়।

সবাতোকৈ বিপজ্জনক কথাটো হৈছে বেইজিঙৰ চৰিত্ৰ মুঠেই বিশ্বাসযোগ্য নহয়। ২০২০ত লাডাখত গালৱান সীমান্তত হোৱা সংঘৰ্ষৰ চাৰি বছৰ পাছত শেহতীয়াকৈ সীমান্ত অঞ্চলৰ পৰা চীন-ভাৰত উভয়ে সৈন্য অপসাৰণ কৰাত বহুতেই দ্বিপাক্ষিক সম্পৰ্কৰ বৰফ গলিব বুলি আশা কৰিছিল; কিন্তু সেয়া যে বিশ্বাসযোগ্য নাছিল সেয়া সম্প্রতি স্পষ্ট হৈছে। যোৱা ১৮ ডিচেম্বৰত মার্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা দপ্তৰে প্ৰেৰণ কৰা এক প্রতিবেদনত ভাৰত চৰকাৰক সতৰ্ক কৰি দিছে যে লাডাখৰ পৰা অৰুণাচল পর্যন্ত দুই দেশৰ মাজৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে চীনে এক লাখ ২০ হেজাৰ সেনা জোৱানক সষ্টম কৰি অৱস্থান কৰাইছে।

এই সৈন্যসকল সম্পূর্ণ অত্যাধুনিক মাৰণাস্ত্ৰৰে সুসজ্জিত হৈ আছে বুলিও মার্কিন প্ৰতিৰক্ষা দপ্তৰে জনাইছে। নিয়ন্ত্রণ ৰেখাৰ পূব, পশ্চিম আৰু একাধিক মধ্যৱর্তী অঞ্চলত সষ্টম হৈ থকা এই সৈন্যৰ মাজত চীনৰ ২০ সম্মিলিত অস্ত্র ব্রিগেডো থকাটোৱে স্বাভাৱিকতে ভাৰতৰ উদ্বেগ বৃদ্ধি কৰাৰেই কথা। কিয়নো ১৯৬২ৰ যুদ্ধৰ পূর্বেও চীনে ভাৰতক বন্ধু ৰাষ্ট্ৰৰূপে ‘হিন্দী চীনী ভাই ভাই’ ঘোষণা কৰি নিশাটোৰ ভিতৰতে লুটি বাগৰ মাৰিছিল। গতিকে লাডাখ সীমান্তৰ পৰা সম্প্ৰতি সৈন্য অপসাৰণ কৰিলেও চীনে সেই অঞ্চলত অথবা অৰুণাচলত ভাৰতৰ ভূমি বেদখলৰ গোপন পৰিকল্পনা যে আছে তাৰ অনেক প্রমাণ পোৱা গৈছে।

চীনৰ এনে তৎপৰতাৰ তথ্য মার্কিন প্ৰতিৰক্ষা দপ্তৰে পোহৰলৈ অনাৰ সময়তে ব্ৰহ্মপুত্ৰৰ ওপৰত বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ সিদ্ধান্তৰ বিষয়ে চীনৰ চৰকাৰে ঘোষণা কৰি এক নতুন সংকটৰ ইংগিত দিছে। তদুপৰি সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে চীনে সকলো বতৰৰ উপযোগী উন্নত মানৰ পথ নিৰ্মাণ কৰি সৈন্যৰ যাতায়াত সূচল কৰি তুলিছে; অথচ ভাৰত চৰকাৰে বাস্তৱ পৰিস্থিতি উপলব্ধি কৰি এই ক্ষেত্রত ব্যবস্থা গ্রহণত যথেষ্ট বিলম্ব কৰি চাপত থাকিবলগীয়া হৈছে।

গতিকে সততে এনে আগ্রাসী ৰূপ ধাৰণ কৰি থকা ৰঙাচীনৰ এনে আগ্রাসনৰ মোকাবিলাৰ বাবে নতুন দিল্লীয়ে কি ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰে, তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিছে। বিজ্ঞজনে আগতেই কৈ গৈছে-চীনক চিনা টান !

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: China Mega DamDam On BrahmaputraLatest ProvocationPranjalsen Dekaspl Articls
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d