“এইবাৰ গ্ৰন্থমেলাত দুই প্ৰকাৰৰ গ্ৰন্থপ্ৰেমী দেখা গৈছে । এচামে পুৰণি লেখকসমূহৰ গ্ৰন্থ বিচাৰি অহাৰ বিপৰীতে আন এচামে নতুন লেখকসকলৰ গ্ৰন্থ বিচাৰি আহিছে । প্ৰত্যকৰে কিতাপৰ সোৱাদ বেলেগ বেলেগ । আমাৰ তেনেকৈ কোনো বেষ্ট চেলাৰ নাই, গল্প-উপন্যাসৰ কিতাপসমূহ আমাৰ বিপণীৰ পৰা বেছিকৈ বিক্ৰী হোৱা দেখা গৈছে ।” আৰ জি পাব্লিকেশ্যনে দৈনিৰ অগ্ৰদূতৰ আগত এই মন্তব্য প্ৰকাশ কৰে ।
শীত মানেই গ্ৰন্থৰ সুৱাসত মতলীয়া হোৱাৰ বতৰ…। এই যে জানুৱাৰী মাহ আহিলেই বিদ্যালয়ত পোৱা নতুন কিতাপৰ গোন্ধ, ঘৰত লাইব্ৰেৰীৰ থাকটোত নতুনকৈ সজাই থোৱা চিনাকি লেখক কেইগৰাকীৰ নতুন উপন্যাসকেইখন, দিনবোৰ হয়তো এতিয়া নষ্টালজিক হ’ল । সময়ৰ অগ্ৰগতিৰ লগে লগে ডিজিটেলাইজেশ্যনে গ্ৰাস কৰিলেহি গ্ৰন্থৰ মাদকতা । আজিকালি প্ৰায়েই শুনা যায়, ডিজিটেলাইজেশ্যনৰ যুগত গ্ৰন্থৰ সমাদৰ কমি গ’ল । কিন্তু এয়া জানো প্ৰকৃততে সত্য….
আজি অসম গ্ৰন্থমেলাৰ নৱম দিন । গ্ৰন্থ বিপণীসমূহত গল্প, উপন্যাস, ভৌতিক, জীৱন সন্দৰ্ভত উদগনিমূলক গ্ৰন্থ বিচাৰি ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীয়ে । এইবাৰ চানমাৰিৰ পৰিৱৰ্তে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে অসম গ্ৰন্থমেলা ৷ গ্ৰন্থপ্ৰেমীৰ সঁহাৰিৰে অসমৰ বৌদ্ধিক জীৱনলৈ নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে বুলি আশাবাদী অসম প্ৰকাশন পৰিষদ ।
Assam Book fair 2024 এইবৰ্ষত গ্ৰন্থমেলাৰ স্থান সলনি হোৱাৰ বাবে কিছু কিছু বিপণীত ইয়াৰ বিপৰীত প্ৰভাৱ পৰিলক্ষিত হৈছে । আনহাতে এইবাৰ গ্ৰন্থমেলাত কিছু নতুন বিপণীও দেখা গৈছে । দৈনিক অগ্ৰদূতক মাই চিক্ৰেট বুকশ্বেল্ফ নামৰ এক ব্যক্তিগত প্ৰকাশন গোষ্ঠীৰ এগৰাকী সদস্যাই কয়, “আমাৰ বিপণীখন ইমান জনপ্ৰিয় নহয় যদিও আমাৰ ইয়াত আপোনালোকে বাচকবণীয়া গ্ৰন্থ পাব । আমি এখন কিতাপ প্ৰকাশৰ পূৰ্বে নিজেই পঢ়িহে প্ৰকাশ কৰো । আমাৰ বিপণীখনত সাধাৰণতে কাল্পনিক আৰু বাস্তৱধৰ্মী গল্প-কবিতাৰ কিতাপ উপলব্ধ হয় । আমাৰ বিপণীৰ পৰা চুটিগল্পৰ কিতাপ বহুতেই ক্ৰয় কৰিছে ।”
Assam Book fair 2024 আনহাতে আন এক প্ৰকাশন গোষ্ঠীয়ে জানিবলৈ দিয়ে,”এইবাৰ বিক্ৰী পূৰ্বতকৈ বহুগুণেই কম । আমাৰ বিপণীত বহুতো লোকে ভৌতিক আৰু জীৱন সন্দৰ্ভত উদগনিমূলক গ্ৰন্থ বিচাৰি অহা পৰিলক্ষিত হৈছে । পূৰ্বতে এনে কিতাপসমূহৰ ইমান সমাদৰ নাছিল যদিও এইবৰ্ষত মটিভেশ্যনেল গ্ৰন্থসমূহৰ সমাদৰ বহুত বেছি । ইংৰাজী, অসমীয়া দুয়োটা ভাষাতেই এই মটিভেশ্যনেল কিতাপসমূহ বিক্ৰী হৈছে । তাৰ ওপৰত গল্প-উপন্যাস আৰু চুটিগল্প এইবাৰ ৰাইজে বেছি আকোৱালি লোৱা দেখা গৈছে ।”
