BHOGALI BIHU 2025: বান্দৰৰ সংহাৰ : বহিঃৰাজ্যৰ নাৰিকলৰে ভৰি পৰিছে ভোগালীৰ বজাৰ

গাঁৱৰ অলিয়ে গলিয়ে বহিঃৰাজ্যৰ বাকলি বিহীন নাৰিকল । বান্দৰৰ সন্ত্ৰাসত নলবাৰী জিলাৰ কেইবাটাও অঞ্চলত সীমিত স্থানীয়ভাৱে উৎপাদিত নাৰিকল । এসময়ত এই অঞ্চলসমূহৰ পৰা ট্ৰাকে ট্ৰাকে বহিঃৰাজ্যলৈ নাৰিকল ৰপ্তানি হৈছিল ।

বহিঃৰাজ্যৰ নাৰিকল

পদুলিমুখত ভোগালী বিহু । পুহ আৰু মাঘ মাহৰ দোমাহীৰ দিনা ৰাজ্যজুৰি ভোগালী বিহু উদযাপন কৰা হয় । প্ৰতিগৰাকী অসমীয়াই আনন্দৰে উদযাপন কৰে হেপাঁহৰ বিহুটো ৷ সকলোৱে লগে ভাগে এসাজ খোৱাৰ বাবে মাছ মাংসকে ধৰি বিভিন্ন সামগ্ৰী যতনোৱা দেখা যায় ।

বিশেষকৈ কৃষিজীৱী অসমীয়াই বেচিভাগ সামগ্ৰী ঘৰৰ খেতিৰপৰাই আহৰণ কৰে । বিহু বুলি ক’লেই ৰাজ্যৰ বজাৰসমূহতো উভৈনদী হৈ পৰে সামগ্ৰী ৷ যিসকলৰ ঘৰত কৃষিজাত সামগ্ৰী নাই সেইসকলে বজাৰৰ পৰা ক্ৰয় কৰি হ’লেও হেপাঁহৰ ভোগালীক উদযাপন কৰে । কিন্তু দুৰ্ভাগ্যজনক কথা যে, বৰ্তমান ভোগালী বিহুৰ সময়ত নলবাৰী জিলাৰ বাহাৰঘাট, বৰভাগ আৰু পশ্চিম বড়িগোগ মৌজাৰ বজাৰসমূহত স্থানীয়ভাৱে উৎপাদিত নাৰিকল সীমিত ।

প্ৰকৃততে এটা সময়ত এই অঞ্চলসমূহৰ পৰা ট্ৰাকে ট্ৰাকে নাৰিকল বহিঃৰাজ্যলৈ ৰপ্তানি হৈছিল ৷ এনেকুৱা দিনত বিভিন্ন ঠাইৰ নাৰিকল ব্যৱসায়ীয়ে আহি অঞ্চলটোত বাহৰ পাতি নাৰিকল ক্ৰয় কৰিছিল আৰু সেই নাৰিকল দুই তিনিদিনৰ মূৰে মূৰে বহিঃৰাজ্যলৈ ৰপ্তানি কৰিছিল ৷ সেই সময়ত অঞ্চলটোৰ প্ৰতি ঘৰতেই নাৰিকলৰ গছ আছিল ৷ লমালমে লাগিছিলো নাৰিকল ৷ আনহাতে সেই নাৰিকল বিক্ৰী কৰি বহুতো পৰিয়ালে অৰ্থনৈতিক সকাহো পাইছিল ৷

দুৰ্ভাগ্যৰ কথা যে সেইবোৰ নাৰিকল গছত বৰ্তমান নাৰিকল দেখিবলৈ পোৱা নাযায় । কৰবাত দুই চাৰিটা লাগিলেও তাকো কেৰ্কেটুৱাই কাটি তহিলং কৰে । তদুপৰি যদি নাৰিকল লাগেও ঠায়ে ঠায়ে বান্দৰেও কুমলীয়া অৱস্থাতে খাই শেষ কৰে । ফলত অঞ্চলটোত স্থানীয়ভাৱে উৎপাদিত নাৰিকলৰ যথেষ্ট অভাৱ হৈছে ।

বৰ্তমান সেই ঠাই পূৰণ কৰিছে বহিঃৰাজ্যৰ পৰা আমদানিকৃত বাকলি বিহীন নাৰিকলে । পুৱাৰে পৰা অসংখ্য ব্যৱসায়ীয়ে অঞ্চলটোৰ চুবুৰীয়ে চুবুৰীয়ে নাৰিকল লৈ ঘূৰি ফুৰে । এশ টকাত দুটাৰ পৰা তিনি চাৰিটালৈ বিক্ৰী হয় এইবিধ নাৰিকল । এই নাৰিকল ক্ৰয় কৰি বিহুৰ লাৰু পিঠাকে ধৰি অন্যান্য খাদ্য সামগ্ৰী প্ৰস্তুত কৰিব এইসকল লোকে ।

 

সম্প্ৰতি এই লৈ একাংশ কৃষক চিন্তিত হৈ পৰিছে । কাৰণ অসমত নাৰিকল উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকাৰ পিচতো নাৰিকল উৎপাদনত কিয় পিছপৰি ৰৈছে অসম । এসময়ত বিয়া সবাহৰ মূল আকৰ্ষণ আছিল নাৰিকলৰ লাৰু।

স্থানীয় লোকসকলে দাবী উত্থাপন কৰে যে, নাৰিকলৰ প্ৰধান শত্ৰু কেৰ্কেটুৱা,বান্দৰ আদিক বাধা দিব পৰা ব্যৱস্থা কৰিলে নাৰিকলৰ খেতিয়কসকল অনাগত দিনত যথেষ্ট উপকৃত হ’ব ।

Exit mobile version