TITABAR TRAGIC INCIDENT: শিক্ষিত সমাজৰ বৰ্বৰকাণ্ড- চোতালত পুত্ৰৰ নিঠৰ মৃতদেহ, দিশহাৰা মাতৃ

"মোৰ ল'ৰাটোক লৈ যাহি অ' ।" হায় সমাজ, পুত্ৰৰ নম্বৰদেহ কেইবা ঘণ্টা ধৰি চোতালত পৰি থকা অৱস্থাতে চাই ৰ'ল বৃদ্ধা মাতৃয়ে । কি কৰিব, ক'লৈ নিব ....

TITABAR TRAGIC INCIDENT

TITABAR TRAGIC INCIDENT

আধুনিক শিক্ষা-দীক্ষাৰে সমাজ ব্যৱস্থাৰ দ্রুত অগ্ৰগতিৰ সময়তো ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়াও সংঘটিত হৈ আহিছে বৰ্বৰ ঘটনা । জীৱশ্ৰেষ্ঠ মানৱৰ এই কাণ্ড শুনিলে আপোনাৰো চকু কঁপালত উঠিব । যোৰহাট জিলাৰ তিতাবৰৰ ফালেঙীচুকত এক অমানৱীয় ঘটনা সংঘটিত হৈছে। নীতি-নিয়মৰ দোহাই দি মানবীয়তাক ভৰিৰে মোহৰা সমাজৰ এচাম তথাকথিত লোকৰ বাবেই এখন ঘৰত পানীত হাঁহ নচৰা অৱস্থা হৈছে ।

ঘটনাৰ বিৱৰণী অনুসৰি,  দিগন্ত বৰা নামৰ এজন ৩৫ বছৰীয়া যুৱকৰ মৃতদেহ স্বগৃহৰ চোতালতে ঘণ্টাৰ পিছত ঘণ্টা পৰি ৰোৱা এক দুর্ভাগ্যজনক ঘটনা পোহৰলৈ আহিছে। দুৰ্ভগীয়া পৰিয়ালটোত এঘৰীয়া কৰি ৰখাৰ অজুহাততে গাঁৱৰ সমাজৰ কোনো লোক যুৱকজনৰ মৃতদেহটো সৎকাৰ কৰিবলৈ আগবাঢ়ি নাহিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে । ফলত একমাত্র পুত্ৰৰ মৃতদেহ কেইবা ঘণ্টা ধৰি চোতালতে পৰি থকা অৱস্থাতে চাই পাৰ কৰিবলগীয়া হয় বৃদ্ধা মাতৃগৰাকীয়ে।

জানিব পৰা মতে প্রায় দুবছৰ পূৰ্বে দিগন্ত বৰা নামৰ যুৱকজনে মদ্যপান কৰি সমাজৰ একাংশ ব্যক্তিৰ লগত তৰ্কত লিপ্ত হোৱাৰ বাবেই সমাজে পৰিয়ালটোক এঘৰীয়া কৰি ৰাখিছিল। পৰৱৰ্তী সময়ত নিজৰ ভুলৰ শুধৰনি বিচাৰি সমাজৰ আগত তামোল-পাণ দি ক্ষমা বিচৰাৰ পাছতো সমাজে পৰিয়ালটোক আঁকোৱালি লোৱা নাছিল । তাৰ পিছতে শনিবাৰে মৃত্যুক আকোঁৱালি লয় দিগন্তই ।

এই দুৰ দিনটোত পৰিয়ালটোৰ কাষত থিয় নহ’ল গাঁৱৰ এগৰাকীও লোক । দুৰ্ভগীয়া পৰিয়ালটোক উদ্ধাৰৰ বাবে সমাজৰ লগতে স্থানীয় লোকৰ অলপো সহানুভূতি নজগা ঘটনাই সমগ্ৰ তিতাবৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যুৱকজনৰ মৃত্যুত কোনো এজন লোকেও খবৰ এটা ল’বলৈও নাহিল বুলি অতি দুখেৰে প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। পৰৱৰ্তী সময়ত বীৰ লাচিত সেনাৰ মাধপুৰ আঞ্চলিক সমিতিৰ একাংশ
বিষয়ববীয়া, কর্মী আৰু বংশ পৰিয়ালৰ লোকে যুৱকজন নশ্বৰদেহ সৎকাৰ কৰি পৰিয়ালটোক উদ্ধাৰ কৰে । অৱশ্যে এই ঘটনাই প্ৰথম নহয় । ইয়াৰ পূৰ্বেও ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হোৱাৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰিছে ।

 

Exit mobile version