Case registered against illegal mining in Umrangso:
▶️ ডিমা হাছাওৰ উমৰাংছ’ৰ কয়লা খনিত শ্ৰমিক আবদ্ধৰ ঘটনাক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷
▶️ কয়লা খনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে নৌসেনাৰ ডীপ ডাইভাৰক নিয়োগ ৷
▶️ উমৰাংছ’ৰ কয়লা খনিত হোৱা অবৈধ খননৰ বিৰুদ্ধে গোচৰ ৰজু ।
▶️ উমৰাংছ’ আৰক্ষী থানাত ৰজু হৈছে এই গোচৰ ।
▶️ গোচৰ নম্বৰ ০২/২০২৫ ৷
▶️ খনি আৰু খনিজ (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৫৭ৰ ধাৰা আৰু ভাৰতীয় ন্যায় সংহিতাৰ ৩(৫) ১০৫ আৰু ২১(১) ধাৰা প্ৰযোজ্য ৷
▶️ অবৈধ খননৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে পুনিছ নুনিছা নামৰ এজন লোকক ৷
▶️ আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰিছে তদন্ত ৷
▶️ এই কথা টুইটাৰ(X)যোগে সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷