Golakganj Theft:
ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষী তালাচী চকীৰ হালাকুৰা বজাৰ সংলগ্ন জনবসতিপূৰ্ণ গলিৰ পৰা কালি দিন দুপৰতে সংঘটিত বাইক চুৰিৰ ঘটনা চিচি কেমেৰাত আবদ্ধ হোৱাৰ পিছতো আৰক্ষীয়ে চোৰৰ সন্ধান উলিয়াব নোৱাৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে, বিদ্যাৰডাবৰী দ্বিতীয় খণ্ড খণ্ড গাঁৱৰ অজিত কুমাৰ সিংহ দিনৰ এক বজাত নিজৰ AS 17G 2049 নম্বৰৰ গ্লেমাৰ বাইক খন বজাৰ সংলগ্ন জনবসতিপূৰ্ণ গলিটোত থৈ ওচৰতে থকা নিজ দোকানত ব্যস্ত হৈ আছিল। বিয়লি তিনি বজাত নিৰ্দিষ্ট স্থানত বাইক খন নাপাই হুৱাদুৱা লাগে।
চাৰিওফালে বিচাৰ খোচাৰ কৰি কোনা সন্ধান নোলায়। কাষতে চিচি কেমেৰাৰ ভিজুৱেল অনুসন্ধান কৰাত সকলো পোহৰলৈ আহে। ভিজুৱেলত স্পষ্ট দেখা পোৱা যায় এজন কলা পেন্ট -ছাৰ্ট পিন্ধা যুৱক ম’বাইলত কথা কোৱাৰ ভংগীৰে সদম্ভে গলিটোত সোমাই বাইক খনৰ পিনে আগবাঢ়ি যায়।
বাইকত উঠি নিমিষতেই লক্ খুলি ষ্টাৰ্ট দি বতাহৰ গতিত ওলাই যায়। সন্ধিয়া বাইকৰ গৰাকী অজিতে চিচি কেমেৰাৰ ভিজুৱেল সহ হালাকুৰা আৰক্ষী চকীত এজাহাৰ দিয়ে। কিন্তু ঘটনা সংঘটিত হোৱাৰ চব্বিশ ঘন্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে চোৰৰ শুংসূত্ৰ উলিয়াব নোৱাৰাত অঞ্চলটোৰ ৰাইজ অসন্তুষ্টি প্ৰকাশ কৰিছে। হালাকুৰা অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে চুৰিৰ ঘটনা।
একে স্থানৰ পৰা পাঁচ ছয় মাহ পূৰ্বে চাইকেল চুৰি হৈছিল। কিন্তু আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়া বাবে একে ঘটনাৰ পুনৰাবৃত্তি হোৱা বুলি ৰাইজ অভিযোগ উত্থাপন কৰিছে। তদুপৰি হালাকুৰা তালাচী চকী এলেকাত ড্ৰাগছ আৰু জুৱাৰ পয়োভৰৰ বাবে চুৰি কাৰ্যৰ বৃদ্ধি পাইছে।
লক্ষণীয় যে চোৰক আটক কৰিবলৈ সক্ষম নোহোৱা হালাকুৰা আৰক্ষীয়ে যোৱা নিশা বিদ্যাৰডাবৰী পঞ্চম খণ্ড গাঁৱৰ এঘৰৰ পৰা জাহাঙ্গীৰ,মইনুলকে ধৰি চাৰিজন জুৱাৰীক হাতে লোটে আটক কৰি চকীলৈ নিয়ে। সোনাউল্লা নামৰ এজনক আটক কৰিবলৈ সক্ষম হোৱা নাছিল যদিও আৰক্ষীয়ে তেওঁৰ ম’বাইলটো চকীত লৈ আহে ।
কিন্তু নিশাতে গোপন বুজাবুজি কৰি আটাইকেইজনক মুকলি কৰি দিয়ে। আৰক্ষীৰ লগত অসাধু চক্ৰৰ মিতিৰালিয়ে হালাকুৰাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ বাবে আৰক্ষী অধীক্ষকৰ হস্তক্ষেপ দাবী কৰিছে ৰাইজে।