NEW CHAIRMAN OF ISRO: ইছৰ’ৰ নতুন অধ্যক্ষ ভি নাৰায়ণন

NEW CHAIRMAN OF ISRO: ইছৰ'ৰ নতুন অধ্যক্ষ ভি নাৰায়ণন

ভি নাৰায়ণন

ভি নাৰায়ণন

ইছৰ’ৰ নতুন অধ্যক্ষ হিচাপে নিযুক্ত দেশৰ জ্যেষ্ঠ মহাকাশচাৰী তথা ক্ৰাইজেনিক ইঞ্জিন বিশেষজ্ঞ ভি. নাৰায়ণন ৷ অহা 14 জানুৱাৰীত বৰ্তমানৰ অধ্যক্ষ এছ সোমনাথে দুবছৰীয়া কাৰ্যকাল সম্পূৰ্ণ কৰি অৱসৰ গ্ৰহণ কৰিব ।

বৰ্তমান তামিলনাডুৰ মহেন্দ্ৰগিৰিত থকা ইছৰ’ৰ এল পি এছ চিৰ সঞ্চালক নাৰায়ণন । তেওঁ দুবছৰৰ বাবে ইছৰ’ৰ অধ্যক্ষ পদত অধিষ্ঠিত হ’ব ।

কৰ্মচাৰী আৰু প্ৰশিক্ষণ মন্ত্ৰালয়ৰ কেবিনেট নিযুক্তি সমিতিৰ এক নিৰ্দেশত কোৱা হৈছে, “কেবিনেটৰ নিযুক্তি সমিতিয়ে মহাকাশ বিভাগৰ সচিব হিচাপে লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰৰ সঞ্চালক ভি নাৰায়ণন আৰু মহাকাশ আয়োগৰ অধ্যক্ষক ১৪ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ দুবছৰৰ তথা পৰৱৰ্তী নিৰ্দেশলৈকে নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাইছে।”

ভি. নাৰায়ণনে আদিত্য মহাকাশযান আৰু GSLV MK-III অভিযানৰ দৰে বৃহৎ প্ৰকল্পত উল্লেখযোগ্য অৱদান আগবঢ়াইছে । তেওঁৰ বিশেষজ্ঞতা আৰু কৃতিত্বক কেইবাটাও বঁটাৰ দ্বাৰা স্বীকৃতি দিয়া হৈছে । ভাৰতীয় মহাকাশ ছ’চাইটিৰ পৰা ‘শ্ৰী বঁটা’ আৰু আই আই টি খড়গপুৰৰ পৰা ‘বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা’ৰে তেওঁক সন্মানিত কৰা হৈছে।

Exit mobile version