Salman Khan House:
ছুপাৰষ্টাৰ ছলমান খানৰ ঘৰত বুলেট প্ৰুফ দেৱাল নিৰ্মাণ কৰা হৈছে। যোৱা বছৰৰ এপ্ৰিলত লৰেন্স গেঙৰ স’তে জড়িত দুষ্কৃতিকাৰীয়ে মুম্বাইস্থিত ছলমানৰ গেলাক্সি এপাৰ্টমেণ্টলৈ গুলীচালনা কৰিছিল। তাৰ পাছতে ছলমানৰ ঘৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছিল। এতিয়া তেওঁলোকৰ বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ হৈ পৰিছে। কিছুদিন ধৰি ছলমানৰ গেলাক্সি এপাৰ্টমেণ্টত পুনৰ নিৰ্মাণৰ কাম চলি আছিল। এতিয়া এপাৰ্টমেণ্টটোৰ এটা ভিডিঅ’ ওলাইছে, য’ত বেলকনি আৰু খিৰিকীবোৰ বুলেট প্ৰুফ গ্লাছত দেখা গৈছে।
ছলমানৰ নিৰাপত্তা ব্যৱস্থাক অধিক কটকটীয়া কৰি তোলা হৈছে। ঘৰৰ চাৰিওফালে উচ্চ ক্ষমতা সম্পন্ন চি চি টিভি কেমেৰাও স্থাপন কৰা হৈছে। ছলমান খান গেলাক্সি এপাৰ্টমেণ্টৰ ভূমি মহলাত থাকে। আনহাতে, তেওঁৰ পিতৃ-মাতৃ একেটা এপাৰ্টমেণ্টৰ প্ৰথম মহলাত থাকে।
উল্লেখ্য যে আঠ মাহৰ পূৰ্বে তথা ২০২৪ৰ ১৪ এপ্ৰিলৰ পুৱা প্ৰায় পাঁচ বজাত ছলমান খানৰ গেলাক্সি এপাৰ্টমেণ্টলৈ দুৰ্বৃত্তই গুলীচালনা কৰিছিল। ঘৰৰ বাহিৰত স্থাপিত চি চি টিভি কেমেৰাত গুলীচালনা কৰাসকল বন্দী হৈছিল। লগতে ছলমান খানলৈ লৰেন্স বিষ্ণই সংগঠনৰ পৰা ভাবুকি আহিছিল । ইয়াৰ পাছতহে ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।
তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ পৰা Y+ শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিছে। এই নিৰাপত্তাত ১১ জন জোৱান সকলো সময়তে ছলমানৰ লগত থাকে, য’ত এজন বা দুজন কমাণ্ডো আৰু দুজন পিএছ অ’ও আছে। লগতে ছলমান খানে ব্যৱহাৰ কৰা বাহনখনৰ সন্মুখ আৰু পিছফালে এস্কৰ্ট কৰিবলৈ সদায় দুখন বাহন থাকে। ইয়াৰ লগতে ছলমানৰ গাড়ীখনো সম্পূৰ্ণ বুলেট প্ৰুফ।