Journalist arrested for demanding money:শ্ৰমিকক ধন দাবী কৰি ৰঙাঘৰৰ আলহী সাংবাদিক !
ধুবুৰী জিলাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত কমলাঝাৰ গাঁৱৰ এজন সাধাৰণ শ্ৰমিকক ধন দাবীৰে ব্লেকমেইলিং কৰি আজি এজন পোৰ্টেল সাংবাদিক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ মতে, গাঁও খনৰ এক্ৰামূল হক প্ৰতিদিনৰ দৰেই এক জানুৱাৰীত কৰ্মসূত্ৰে বাসবাৰী যোৱাৰ সময়ত বাটত সন্দেহজনক অৱস্থাত চাৰিটা গৰু প্ৰত্যক্ষ কৰে।
চোৰাং গৰু ভাবি নিজকে নিউজ চেভেন লাইভৰ সাংবাদিক বুলি পৰিচয় দিয়া একে গাঁৱৰে আকবৰ আলীক ফোন যোগে খবৰ দিয়ে। লগতে তেঁও ভিডিঅ কল কৰি নিশ্চয়তা দিয়ে। কিছু সময়ৰ পিছত আকবৰ আন দুজন সাংবাদিকক লগত লৈ গৈ উক্ত স্থানত কোনো গৰু বিচাৰি নাপায়। গৰু নোপোৱাৰ বাবে তেওঁকে গৰুৰ চোৰাং বেপাৰী বুলি দোষাৰোপ কৰে। ইয়াৰ পিছতেই আৰম্ভ হয় ধন দাবী- ব্লেকমেইলিং।
ল্লিশ হাজাৰ টকা দাবী কৰে অন্যথা আৰক্ষীৰ হতুৱাই গৰুৰ চোৰাং গোচৰত গ্ৰেপ্তাৰ কৰাৰ ভাবুকি দিয়ে। অশিক্ষিত হোজা এক্ৰামূলে দহ হাজাৰ দিবলৈ সৈমান হৈছিল যদিও আকবৰে আকোঁৰগোজ হৈ চল্লিশ হাজাৰ টকাকে লাগিব বুলি মানসিক অত্যাচাৰ অব্যাহত ৰাখে। ফোনৰ সকলো বাৰ্তালাপ এক্ৰামূলৰ ফোনত ৰেকৰ্ডিং হয়।
উপায়ন্তৰ হৈ ছয় জানুৱাৰীত এক্ৰামূলে আকবৰৰ বিৰুদ্ধে গোলকগঞ্জ থানাত এজাহাৰ তৰে। গোলকগঞ্জ আৰক্ষীয়ে সকলো তদন্ত কৰি আজি দুপৰীয়া আকবৰক হৰিৰহাট বজাৰৰ পৰা গ্ৰেপ্তাৰ কৰে। ইপিনে আগমনি গোলকগঞ্জ প্ৰেছ ক্লাৱে উক্ত ঘটনাৰ তদন্ত কৰি ইয়াৰ লগত জড়িত সকলো অপৰাধীক গ্ৰেপ্তাৰৰ দাবী জনায়।