No Irrigation System In Dhubri:পানীৰ অভাৱত ইৰি ধানৰ মাটি চহাব নাই কৃষকে

বিষয়া -কৰ্মী ঘৰতে বহি ভোগ কৰিছে দৰমহা 

water Crisis scaled

No Irrigation System In Dhubri:

ধুবুৰী জিলাৰ বৃহত্তৰ উজান পেটলাগাঁৱৰ কৃষক ৰাইজক পানী যোগান ধৰিবলৈ গংগাধৰ নদীত আছে এখন কোটি টকীয়া জলসিঞ্চন আঁচনি। কোটি টকীয়া এখন আঁচনি থকা পিছতো ৰাইজে লাভ কৰা নাই এটোপাল পানী।

পানীৰ অভাৱত কৃষকে খেতি কৰিব পৰা নাই ইৰি ধানৰ। পানী দিব পৰা নাই মাকৈ খেতিত। পানী নিদিয়াৰ বাবে মাটি চহাব পৰা নাই খেতিয়কে। এখন বৃহৎ আঁচনি থকা পিছতো পানী নাপাই মূৰে কপালে হাত দিছে খাটি খোৱা কৃষক সকলে । হেজাৰ হেজাৰ বিঘা মাটি সাঙুৰি লোৱা আঁচনিখন বিষয়া – কৰ্মীৰ অভাৱত এক প্ৰকাৰৰ বন্ধ হৈ পৰিছে।

পানী দিবলৈ বৃহৎ বৃহৎ নলা, মেচিন থকা পিছতো নিদিয়ে পানী যোগান। ইয়াৰ নলা সমূহ সম্প্ৰতি হাবি জংঘলে ঢাকি ধৰিছে । গোপনে আহি চহী কৰি যায় বিষয়া-কৰ্মী সকলে । ঋণ – ধাৰ কৰি মাকৈ খেতি কৰি বিপদত পৰিছে কৃষক ৰাইজে। বহুতে আকৌ আশাৰে ইৰি ধানৰ খেতি কৰিবলৈ মাটি সাজু কৰি তুলিছে যদিও পেলাব পৰা নাই কঠিয়া। তামাৰহাট গংগাধৰ উত্তোলিত জলসিঞ্চন আঁচনিখন সম্প্ৰতি বন্ধ হোৱাত কৃষকে দিশহাৰা হৈ পৰিছে।

৮০ ৰ দশকত স্থাপন কৰা কেবা কোটি টকীয়া তামাৰহাট উত্তোলিত জলসিঞ্চন আঁচনিখন সম্প্ৰতি ধ্বংসৰ মুখ লৈ গতি কৰিছে। পূৰ্বতে আঁচনিখনত ৫ টা কৈ উচ্চ ক্ষমতা সম্পন্ন মেচিন সংযোগ কৰা আছিল। কেইবা বছৰ পূৰ্বে ইয়াৰে ২ টা মেচিন নষ্ট হোৱাত খুলি ৰাখে। বৰ্তমান ৩ টা উচ্চ ক্ষমতা সম্পন্ন মেচিন আছে যদিও সেই মেচিন ব্যৱহাৰ নকৰাত নষ্ট হোৱাৰ উপক্ৰম হৈছে।

এখন আঁচনি আৰু নলা থকা পিছতো কৃষক ৰাইজে বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিবলগা হৈছে। কৃষি কৰ্মৰ ওপৰত নিৰ্ভৰ হোৱা বৃহত্তৰ উজান পেটলা, তামাৰহাট অঞ্চলৰ ৰাইজে ইৰি ধান, শালি ধান, মাকৈ, সৰিয়হ, ঘেঁহু খেতি কৰি আহিছে যদিও পানীৰ অভাৱত কৃষক সকলে সঠিক সময়ত খেতি -বাতি কৰিব পৰা নাই।

কৃষকৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও পানী যোগান ধৰাৰ ব্যৱস্থা নকৰাত কৃষক সকলে থমকি থাকিব লগা হৈছে। ঋণ – ধাৰ কৰি খেতি কৰিবলৈ গৈ পানীৰ অভাৱত ককবকাইছে খেতিয়ক ৰাইজে। তামাৰহাটৰ উক্ত জলসিঞ্চন আঁচনিখন শীঘ্ৰে পানী যোগান নিদিলে বিষয়া-কৰ্মীৰ বিৰুদ্ধে স্থানীয় ৰাইজে প্ৰতিবাদ কৰাৰ লগতে কাৰ্যালয়ত তলা মাৰি দিব বুলি প্ৰকাশ কৰিছে।

Exit mobile version