Verdict in the gang rape of a minor:নাবালিকাক দলবদ্ধ ধৰ্ষণ গোচৰৰ দুই আচামীক ২০ বছৰ সশ্ৰম কাৰাদণ্ড

৫০ হেজাৰ টকাকৈ জৰিমনাৰ ৰায়দান চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ

rape scaled

Verdict in the gang rape of a minor:

এগৰাকী ১৭ বছৰীয়া নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গোচৰত অভিযুক্ত দুই আচামীক চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতে ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ ৰায়দান দিয়ে ।

বিগত ২০২৩ ৰ মাৰ্চ মাহত চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকী এলেকাত এগৰাকী ১৭ বছৰীয়া কিশোৰীক ভয় ভাবুকি প্ৰদান কৰি দলবদ্ধ ধৰ্ষণ কৰা দুই অভিযুক্ত ক্ৰমে ৰতন কিস্কু আৰু থমাছ কিস্কুক চিৰাং জিলা সত্ৰ ন্যায়াধীশ আদালতৰ বিচাৰপতি চি, চতুৰ্বেদীৰ আদালতে প’কছ আইনৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড আৰু গাইপতি ৫০ হেজাৰ টকাকৈ জৰিমনা বিহাৰ ৰায়দান দিয়ে ।

জৰিমনাৰ টকা অনাদায়ে আৰু অতিৰিক্ত দুই বছৰ কাৰাবাস খাটিব লাগিব বুলি ৰায়দানত ঘোষণা কৰে । উল্লেখ্য যে দলবদ্ধ ধৰ্ষণকাণ্ডত কাৰাদণ্ড লাভ কৰা অভিযুক্ত দুজনৰ লগত আন এগৰাকী নাবালক কিশোৰ জড়িত আছিল, নাবালক কিশোৰ আচামী জনক জুভেনাইল আদালতত বিচাৰ প্ৰক্ৰিয়া চলি আছে বুলি চৰকাৰী অধিবক্তা নন্দিনী বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে।

Exit mobile version