Bhogali Bihu : অসম পশ্চিমবংগ আৰু বাংলাদেশ ত্ৰিসীমান্তৰ সত্ৰশালত ভোগালী বিহু উদযাপন

golakganj

Bhogali Bihu : ধুবুৰী জিলাৰ অসমীয়া সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ অসম পশ্চিমবংগ আৰু বাংলাদেশ ত্ৰিসীমান্তৰ সত্ৰশালত তেৰ জানুৱাৰীৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় ভোগৰ উৎসৱ

ভোগালী বিহু। কাৰ্যসূচীৰ মতে 13 জানুৱাৰীত উৰুকাৰ দিনা বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট সমাজকৰ্মী নিখিল সৰকাৰ, বন্তি প্ৰজ্বলন কৰে সমাজসেৱক সুশীল দাস আৰু ৰমেন্দ্ৰ নাথ দাস।

ভেলাঘৰ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক প্ৰদীপ সেন টেক্সী আৰু শ্যামল ৰায়, গছ পুলি ৰোপণ কৰে প্ৰাক্তন পঞ্চায়ত সভাপতি কৃষ্ণ কমল সৰকাৰ আৰু বিশিষ্ট খেল সংগঠক অবিলাশ দাস। বাঁহ খেৰেৰে স্থানীয় যুৱক সকলে আটোমটোকাৰী কৈ সাঁজি উলিওৱা ভেলাঘৰৰ সন্মুখত পিঠা পনা বনোৱা, খেল ধেমালি আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

সন্ধিয়া বিহু নৃত্য গীতৰ প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হয়। নিশা সমজুৱাকৈ ভোজভাত খায়। বিহুৰ দিনা পুৱা সকলোৱে মিলি নাম প্ৰসঙ্গ কৰি মেজি জ্বলাই দিয়ে । সকলোৱে পিঠা পনা খাই নৃত্য গীত কৰি আমোদ ফূৰ্তি কৰে।

Exit mobile version