Dhubri:
চীনে ব্ৰহ্মপুত্ৰৰ উৎসস্থলী তিব্বতত বিশ্বৰে বৃহত্তম বান্ধ নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ কৰাৰ সময়তে ধুবুৰীত মহাবাহুৰ জলস্তৰ তীব্ৰ গতিত হ্রাস পোৱাত নাও-ফেৰী আদি চলাচলত বাধাৰ সৃষ্টি হৈছে। নিতৌ নাও বা ফেৰীত উঠি অহা-যোৱা কৰা বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰীকে ধৰি সাধাৰণ লোকৰ লগতে সৰু সৰু বেপাৰ-বণিজ কৰাসকল সমস্যাৰ সন্মুখীন হৈছে।
লক্ষ্যণীয় যে জলমার্গ আন্তঃৰাষ্ট্ৰীয় বেপাৰ-বাণিজ্যৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ধুবুৰী। এই নদী পথেৰে জাহাজ চলাচল কৰাত আন্তর্জাতিক বেপাৰ-বাণিজ্য ক্ৰমাৎ উন্নত হৈছে। ধুবুৰী জাহাজঘাটত সম্প্রতি ভাৰত-বাংলাদেশৰ মাজত নদী পথেৰে আন্তর্জাতিক বাণিজ্য সবল হৈছে। অকল বাংলাদেশেই নহয়, ধুবুৰীৰ পৰা দক্ষিণ পাৰলৈ এই নদী পথেৰে ইঞ্জিনচালিত নাও আৰু লঞ্চেৰে বিভিন্ন সামগ্রী কঢ়িয়াই নিয়া হয়।
ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে বৰলুইতৰ জলস্তৰ শুকাবলৈ ধৰাত বাণিজ্যিক দিশতো ৰাইজ ক্ষতিগ্রস্ত হৈছে। অস্বাভাবিকভাবে ব্রহ্মপুত্ৰৰ জলস্তৰ হ্রাস পোৱাত সঠিকভাৱে ইঞ্জিনচালিত নাও আৰু ফেৰীসমূহ চলাচল কৰিব পৰা নাই। কিছুসংখ্যক নাও আৰু ফেৰীৰ চলাচল অব্যাহত আছে যদিও গন্তব্যস্থলীত নিৰ্ধাৰিত সময়ত উপস্থিত হ’ব পৰা নাই। কোনো সময়ত দুঘণ্টা বা আন কোনো সময়ত তিনি ঘণ্টা পলমকৈ নাও বা ফেৰী উপস্থিত হয়।
এই ক্ষেত্ৰত চৰকাৰী প্রচেষ্টাও বিফল হোৱাৰ তথ্য পোহৰলৈ আহিছে। অন্তঃদেশীয় জলমার্গ প্ৰাধিকৰণে ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্য চলাইছে যদিও ইঞ্জিনচালিত নাও আৰু ফেৰী নদৰ বুকুত আবদ্ধ হৈ পৰাৰ ঘটনা অব্যাহত আছে। কোনো সময়ত এনে একোখন নাও বা ফেৰী যাত্রীসহ গোটেই নিশা ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ থাকে।
আনহাতে, নদী পথেৰে যাতায়াতী ব্যৱস্থা সুচল কৰাৰ উদ্দেশ্যে ধুবুৰী জিলাৰ লঞ্চ সন্থাই নিজাববীয়াকৈ কেতবোৰ স্থানত নদীৰ বুকুত খনন কার্য চলাইছে। অৱশ্যে সন্থাৰ সভাপতিয়ে জানিবলৈ দিয়া মতে, সমগ্ৰ ব্ৰহ্মপুত্ৰৰ বুকুত খনন কার্য চলোৱাটো লঞ্চ সন্থাৰ বাবে সম্ভৱ নহয়।