Jonbeel Mela 2025: উদুলি-মুদুলি জোনবিলৰ বাকৰি

১৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা । ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ৩ দিনীয়াকৈ মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত কৰা হয় এই ঐতিহাসিক জোনবিল মেলা ৷

জোনবিল মেলা

জোনবিল মেলা

আজি তথা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছে ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা । ১৬, ১৭ আৰু ১৮ জানুৱাৰীত ৩ দিনীয়াকৈ মৰিগাঁও জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত কৰা হয় এই ঐতিহাসিক জোনবিল মেলা ৷ সময়ৰ লগে লগে প্ৰায় হেৰাই যোৱা বিনিময় প্ৰথাৰ বাবে জনপ্ৰিয় এই জোনবিল মেলা । জোনবিলৰ পাৰত অনুষ্ঠিত মেলাৰ বাবেই এই মেলাক জোনবিল মেলা বুলি কোৱা হয় । প্ৰতিবছৰে মাঘ বিহুৰ পিছৰ সপ্তাহত এই মেলা অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে, এই জোনবিল মেলাৰ মূল বৈশিষ্ট হৈছে বিনিময় প্ৰথা ৷ পূৰ্বতে হাট-বজাৰসমূহত প্ৰচলিত বিনিময় প্ৰথা জোনবিল মেলাত এতিয়াও পৰম্পৰাগতভাৱে চলি আহিছে ৷ গোভাৰজাই মেলাৰ দ্বিতীয় দিনা পুৱতি নিশা এই পৰম্পৰা আৰম্ভ কৰে ৷ কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰৰ পৰা মেলালৈ নামি আহে জাক-জাক পুৰুষ-মহিলা ৷ যাক মামা-মামী বুলি সম্বোধন কৰা হয় ৷ তেওঁলোকে পাহাৰত উৎপাদিত বিভিন্ন সামগ্ৰী যেনে আলু, কচু, জালুক, আদা, হালধি, জলকীয়া, জনগোষ্ঠীয় খাদ্যসম্ভাৰ, সাজ-পাৰ আদি লৈ আহে মেলাত বিক্ৰী কৰিবলৈ ৷

ভৈয়ামৰ মানুহে চিৰা-পিঠা, শুকান মাছ, লাৰু আদি সামগ্ৰীৰ সৈতে পাহাৰৰ সামগ্ৰীৰ বিনিময় কৰে ৷ অৱশ্যে আজিকালি বেছিভাগেই ধন দিয়েই ক্ৰয় কৰে এই সামগ্ৰীসমূহ ৷ জোনবিল মেলা উপলক্ষে জোনবিলৰ পাৰত উখল-মাখল পৰিবেশে বিৰাজ কৰা দেখা যায় ৷ কুকুৰা যুঁজ, সমূহীয়া মৎস্য চিকাৰৰ লগতে বিভিন্ন ৰং-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় জোনবিলৰ পাৰত ৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত গীত-নৃত্যৰে মুখৰিত হৈ পৰে জোনবিল মেলাথলী ৷ বহু জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰাও পৰিবেশন কৰা হয় সাংস্কৃতিক অনুষ্ঠান ৷

এইবেলি জোনবিল মেলালৈ অহা লোকসকলৰ বাবে বিশেষ প্ৰদৰ্শনীৰো ব্যৱস্থা কৰিছে উদযাপন সমিতিয়ে । ন বাৰ, চামাদি, মাৰু, টঙি ঘৰ, লখিমী চাউলৰ ভঁৰাল আদিৰো প্ৰদৰ্শনীৰ বাবে ব্যৱস্থা কৰিছে কমিটীয়ে ।

Exit mobile version