শ্বৰিফুল হ’লগৈ বিজয়, পোহৰলৈ আহিল ছঈফ আলী খানৰ আক্ৰমণকাৰীৰ প্ৰকৃত পৰিচয়

শ্বৰিফুল হ’লগৈ বিজয়, পোহৰলৈ আহিল ছঈফ আলী খানৰ আক্ৰমণকাৰীৰ প্ৰকৃত পৰিচয়

Who is Saif Ali Khan’s attacker?

Who is Saif Ali Khan’s attacker?

শেহতীয়াকৈ মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত জনপ্ৰিয় অভিনেতা ছঈফ আলী খানক আক্ৰমণ কৰা ঘটনাই সৰ্বত্ৰে ব্যাপক চৰ্চা লাভ কৰিছে । সম্প্ৰতি মুম্বাই আৰক্ষীয়ে থানেৰ পৰা আক্ৰমণৰ গোচৰত অভিযুক্ত বিজয় দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত চলাই থকাৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য ।

ধৃত বিজয় দাস প্ৰকৃততে মহম্মদ ছৰিফুল ইছলাম শ্বেহজাদহে । বিজয় ভাৰতীয় নাগৰিক নহয় তেওঁ প্ৰকৃততে বাংলাদেশৰ নাগৰিকহে । বিগত বহু দিনৰ পৰা মুম্বাইত ছদ্মনামে বাস কৰি আছিল ছৰিফুল উৰফে বিজয়ে । কেৱল এটা নামেই নহয় ছৰিফুলৰ আছে আৰু বহুতো নাম । এই কথা খোদ আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে ছৰিফুলে । ইয়াৰ লগতে ছৰিফুলেই আক্ৰমণ কৰিছে বুলিও স্বীকাৰ কৰিছে । দেওবাৰে ছৰিফুলক আৰক্ষীৰ ৰিমাণ্ডৰ বাবে আদালতত হাজিৰ কৰোৱাৰ কথা আছে । অভিযুক্ত ছৰিফুলে ৰেষ্টোঁৰাত ৱেইটাৰ হিচাপে কৰ্মৰত আছিল ।

উল্লেখ্যে যে, ছঈফ আলী খানৰ ছুৰীকাঘাতৰ ঘটনা সংঘটিত হোৱাৰ পিছতে মুম্বাই আৰক্ষীয়ে চিচিটিভি ফুটেজ পুংখানুপুংখ পৰিদৰ্শন কৰি অভিযান আৰম্ভ কৰাৰ পিছতেই আক্ৰমণকাৰীটো ছঈফ আলী খানৰ বাসগৃহৰ চিৰিৰে নামি অহা দেখা গৈছিল। তাৰ পিছতে তেওঁৰ ফটো আৰু পোষ্টাৰবোৰ সমগ্ৰ মুম্বাই আৰু ইয়াৰ আশে পাশে অঞ্চলত প্ৰচাৰ কৰা হৈছিল । পৰৱৰ্তী সময়ত থানেৰ পৰা ছৰিফুলক গ্ৰেপ্তাৰ কৰে মুম্বাই আৰক্ষীয়ে ।

Exit mobile version