RG Kar Convict Escapes Death Sentence: ‘বিৰলতকৈও বিৰলতম নহয় !’ -আদালত, ব্যৰ্থ হ’ল চিবিআই

RG Kar Convict Escapes Death Sentence

অভিযুক্ত সঞ্জয় ৰয়ক যাৱজ্জীৱন কাৰাদণ্ড । ‘চিবিআইয়ে প্ৰমাণ কৰিব নোৱাৰিলে আদালতত ।’ -সঞ্জয়ৰ শাস্তি শুনাৰ পিছতে ভুক্তভোগীৰ পিতৃ-মাতৃৰ অভিযোগ উত্থাপন ।

 

আজি দেশবাসীৰ দৃষ্টি নিৱদ্ধ হৈছে শিয়ালদহ আদালতৰ ৰায়দানৰ ওপৰত । সোমবাৰে কলকাতাৰ শিয়ালদহ আদালতে আৰজি কাৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ অভিযুক্ত সঞ্জয় ৰয় (৩৪)ক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহে । ইয়াৰ পিছতে উল্লেখ কৰে যে, এই গোচৰটো মৃত্যুদণ্ডৰ বাবে ‘বিৰলতম’ শ্ৰেণীত নাই।

উল্লেখ্য যে, প্ৰায় ৫ মাহৰ অন্তত দেশ কপোঁৱা কলকাতাৰ আৰ জি কৰ হাস্পতালৰ প্ৰশিক্ষাৰ্থী চিকিৎসককনৃশংসভাৱে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক কলকাতাৰ শিয়ালদহ আদালতে শনিবাৰে দোষী সাব্যস্ত কৰিছিল । সঞ্জয় ৰয়ক ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ (ধৰ্ষণ), ৬৬ (ধৰ্ষণ কৰি হত্যা) আৰু ১০৩ (১) (হত্যা) ধাৰাত দোষী সাব্যস্ত কৰা হৈছিল।

আদালতত ন্যায়াধীশ অনিৰ্বাণ দাসে পশ্চিম বংগ চৰকাৰক ধৰ্ষণকাণ্ডৰ ভুক্তভোগীৰ পিতৃ-মাতৃক ১৭ লাখ টকা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছিল। আদালতকক্ষত থকা ভুক্তভোগীৰ পিতৃ-মাতৃয়ে আদালতক হাতজোৰ কৰি কয় যে, তেওঁলোকক ক্ষতিপূৰণ লানাগে, কিন্তু তেওঁলোকক ন্যায় লাগে ।

বিচাৰকে এই সন্দৰ্ভত কয় যে, তেওঁ আইন অনুসৰি ক্ষতিপূৰণৰ নিৰ্দেশ দিছে । তেওঁলোকে নিজ ইচ্ছানুসাৰে সেই ধন খৰচ কৰিব পাৰে । পৰিয়ালটোৱে এই ধনখিনি তেওঁলোকৰ কন্যাৰ ধৰ্ষণ আৰু হত্যাৰ ক্ষতিপূৰণ হিচাপে ভাবিব নালাগে ।

Exit mobile version