Huge Ijtema In Dhekiajuli: ঢেকিয়াজুলিৰ আলিচিঙাত ইছলাম ধৰ্মীয়লোক সকলৰ বিশাল ইস্তেমাৰ প্ৰস্তুতি চলিছে৷ ইছলাম ধৰ্মীয় লোকৰ অন্যতম সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান ইস্তেমা অহা ১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ’ব। বিশ্ব শান্তি, ভাতৃত্ববোধ আৰু সমাজ সংস্কাৰৰ উদ্দেশ্যে এই ইস্তেমাৰ আয়োজন কৰা হৈছে।
এই বিশেষ অনুষ্ঠানৰ বাবে এতিয়া প্ৰস্তুতিৰ কাম তীব্ৰ গতিত আগবাঢ়ি আছে। ইস্তেমাত হাজাৰ-হাজাৰ লোকে একগোট হ’ব সমাজত শান্তি আৰু ভাতৃত্ববোধ স্থাপন কৰিবলৈ। ইস্তেমাৰ আয়োজন স্থানত পেণ্ডেলৰ পৰা আৰম্ভ কৰি পানী যোগান, শৌচালয় ব্যৱস্থা আৰু নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে।
ADVERTISEMENT
ইস্তেমাৰ সময়ত ধৰ্মীয় আলোচনা, দোৱা, আৰু বিভিন্ন সমাজ সংস্কাৰমূলক কার্যসূচী সম্পন্ন কৰা হ’ব। উল্লেখযোগ্য, এই ইস্তেমাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লোকসকলক একত্ৰিত কৰাৰ লগতে আন্তঃসম্প্ৰদায়িক সম্প্ৰীতিৰও বতৰা দিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, ইস্তেমাৰ সফল সম্পন্নৰ বাবে স্থানীয় প্ৰশাসন, স্বেচ্ছাসেৱী সংগঠন আৰু ধৰ্মীয় নেতাসকল একত্ৰিতভাৱে কাম কৰি আছে।