Minister UG Brahma:
ৰাজ্যৰ আন ১৩ খন জিলাৰ লগতে কালিৰে পৰা চিৰাং জিলাতো বিদ্যালয় সমূহত শৈক্ষিক গুণগত মান নিৰ্ণয়ৰ বাবে ২০২৫ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ বহিঃ মূল্যায়ন অনুষ্ঠিত হৈছে ।
ADVERTISEMENT
বহিঃ মূল্যায়নৰ দ্বিতীয় দিনা জিলাখনৰ বিজনীৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বড়োবজাৰ শিক্ষা খণ্ডৰ তিনিখন বিদ্যালয়ত ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাঙৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মূল্যায়ক হিচাপে উপস্থিত থাকে |
তেওঁ ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক দিশ মূল্যায়ন কৰাৰ লগতে স্থানীয় অভিভাৱক সকলৰ স’তে মতবিনিময় কৰে ৷ মন্ত্ৰী গৰাকীৰ গুণোৎসৱৰ এই ভ্ৰমণৰ সময়ত বিজনীৰ মহকুমাধিপতি কৃতী চেছৰা, চিৰাং জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ সহ শিক্ষা বিষয়া সকল উপস্থিত থাকে ৷