Abvp:
উত্তৰ-পূব ভাৰত আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ মাজৰ সম্পৰ্ক আৰু অধিক দৃঢ় আৰু সাংস্কৃতিক আদান- প্ৰদানৰ উদ্দেশ্যেৰে ১৯৬৬ চনতেই আৰম্ভ হোৱা SEIL কাৰ্য্যক্ৰমৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ ২৪০ গৰাকী জনজাতীয় ছাত্ৰ- ছাত্ৰীক ভাৰতবৰ্ষৰ অন্য প্ৰান্তলৈ এক শৈক্ষিক ভ্ৰমণৰ উদ্দেশ্যেৰে লৈ যোৱা হ’ব।
২০২৫ বৰ্ষৰ এই SEIL অৰ্থাৎ আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন প্ৰকল্পৰ আৰম্ভণি অনুষ্ঠান গুৱাহাটী মহানগৰীৰ নিকটৱৰ্তী কাঁহিকুচিস্থিত “ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান” চমুকৈ SIPRDত আজি অনুষ্ঠিত হয়।
আজি অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত উত্তৰ- পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ পৰা অহা জনজাতীয় ছাত্ৰ- ছাত্ৰী সকলক সৰ্বমুঠ ৮ টিকৈ দলত বিভক্ত কৰা হয় আৰু কাইলৈ তেওঁলোক নিজৰ নিজৰ দল অনুসৰি ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তলৈ যাত্ৰা আৰম্ভ কৰিব। ২৩ জানুৱাৰী ২০২৫ তাৰিখৰ পৰা ১২ ফেব্ৰুৱাৰী ২০২৫ লৈ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শৈক্ষিক ভ্ৰমণ কৰি পুন তেওঁলোক গুৱাহাটীত উপস্থিত হ’ব ।
গুৱাহাটীত উপস্থিতিৰ পাছত ১৩ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত এই SEIL কাৰ্যক্ৰমৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। এই সমগ্ৰ যাত্ৰাটোত তেওঁলোকে ভাৰতৰ বিভিন্ন ৰাজ্যৰ সংস্কৃতি, খাদ্য,আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতিৰ বিষয়ে অৱগত হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিব।
উল্লেখযোগ্য যে ১৯৬৬ চনতেই উত্তৰ পূব ভাৰতৰ লগত ভাৰতবৰ্ষৰ অনান্য প্ৰান্তৰ মাজত সাংস্কৃতিক আদান প্ৰদানৰ দ্বাৰা ৰাষ্ট্ৰীয় একাত্মতা বৃদ্ধিৰ উদ্দেশ্যৰে প্ৰতি বছৰে এবিভিপিয়ে আন্তঃ ৰাজ্য ছাত্ৰ জীৱন দৰ্শন অৰ্থাৎ SEIL কাৰ্যক্ৰমৰ আয়োজন কৰি আহিছে।
আজি অনুষ্ঠিত এই উদ্বোধনী অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহাল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহঃ সাংগঠনিক গোবিন্দ নায়ক, ৰাষ্ট্ৰীয় সম্পাদক কমলেশ সিং, উত্তৰ পূব ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়নকে প্ৰমূখ্য কৰি বহু কেইজন বিশিষ্ট অতিথি।
অনুষ্ঠানত উপস্থিত থাকি আই. আই. টি. গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জলিহালে এই একাত্ম যাত্ৰাক অংশগ্ৰহণ কৰা ছাত্ৰ- ছাত্ৰী সকলক শুভেচ্ছা জ্ঞাপন কৰি এই যাত্ৰাই আমাক আমাৰ দেশ খনক আৰু অধিক বিস্তাৰিত ভাবে বুজি পোৱাত সহায় কৰিব বুলি উল্লেখ কৰে।