Puppet dance performance at the Maha kumbh Mela:
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত ১৩ জানুৱাৰীৰ পৰা চলি থকা “মহাকুম্ভ ২০২৫” ৰ যমুনা মঞ্চত অসমৰ লোক সম্পদ পুতলা নাচ প্ৰথমবাৰৰ বাবে সংগীত নাটক অকাডেমীৰ পৰা ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত বিনীতা দেৱীৰ পৰিচালনাত “ৰাৱণ বধ” মঞ্চস্থ হয়।
নাটখনৰ ৰচনা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ। পুতলা নাটখন লাঠী পুতলা, ছাঁ পুতলা আৰু সূতা পুতলাৰ জৰিয়তে হিন্দী ভাষাত পৰিবেশিত হয়। “ৰাৱণ বধ” নাটখনে উপস্থিত থকা দেশ-বিদেশৰ আধ্যাত্মিক গুৰু-ভক্ত, শিল্পী আৰু বিশিষ্ট অতিথি সকলৰ পৰা যথেষ্ট সমাদৰ লাভ কৰে ।
পুতলা নাট খনত পৰিবেশন কৰা পুতলা সমূহৰ সঞ্চালনত কোনো জড়তা দেখা পোৱা নাছিল। প্ৰতিটো দৃশ্য সুন্দৰ ভাৱে উপস্থাপন কৰিছিল শিল্পীসকলে। নাট এখনত নাট্য শাস্ত্ৰৰ নৱৰস অন্তৰ্নিহিত হোৱাটো প্ৰয়োজনীয় দিশ। “ৰাৱণ বধ” নাট খনত সকলো ৰসেই যেন “ৰাৱণ বধ” দেখুওৱা হৈছিল ৷
ৰাৱণ আৰু জটায়ুৰ যুদ্ধই দৰ্শকক অভিভূত কৰি তুলিছিল। সীতাক ৰাৱণৰ পৰা উদ্ধাৰ কৰাৰ বাবে জটায়ুৰ যি প্ৰচেষ্টা তাক সুন্দৰ কৈ প্ৰতিফলিত কৰিছে নাটখনত । সুৰ্পনাখাই ৰাম আৰু সীতাক মোহিত কৰিবলৈ ৰাক্ষসীৰ পৰা সুন্দৰী নাৰী লৈ ৰূপান্তৰ হোৱা কৌশল দেখি দৰ্শক সকল অভিভূত হৈছিল । লক্ষ্মণে সুৰ্পনাখাৰ নাক কটা দৃশ্য দেখি দৰ্শক মোহিত হৈছিল। সাগৰ চৰিত্ৰ দেখাবলৈ কাপোৰৰ জৰিয়তে পুতলা দেখাই দৰ্শকক মোহিত কৰিছিল ।
তেনে নাট সফল ভাৱে পুতলাৰ জৰিয়তে মঞ্চায়ন কৰাটো কঠিন। নাটখনৰ প্ৰতিটো দৃশ্যৰ পুতলা সমূহৰ সঞ্চালনৰ শৈলী দেখি দৰ্শক সকল অভিভূত হৈ পৰে। নাটৰ কৌশলী মায়া জালেৰে বান্ধি ৰাখিছে আধ্যাত্মিক গুৰু সকলক । প্ৰতিটো সংলাপেই সাহিত্যৰ প্ৰাণত মিঠা আচোৰ মাৰিছে ৷ সেয়ে হয়তো দৰ্শকৰ মনপ্ৰাণ প্ৰতিটো দৃশ্যই এক অভিনৱ আকৰ্ষণৰ মাজেৰে ডুবাই ৰাখে ৷
“ৰাৱণ বধ” নাটখনত সংগীত পৰিচালনা অভিজিৎ বৰ্মণৰ । নাটক খনত “মহাকুম্ভ ২০২৫” ৰ আধ্যাত্মিক পৰিবেশৰ লগত আধ্যাত্মিক সংগীতৰ মধুৰ সুৰে সকলোকে মন্ত্ৰ মুগ্ধ কৰি তুলিছিল। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰিছিল বিনীতা দেৱী, প্ৰণৱ জ্যোতি ৰাভা, হাৰ্দিক শৰ্মা, পলক কৈৰী, ৰাকিবুল আহমেদ, কৰিস্মিতা তালুকদাৰ আৰু সীমান্ত শৰ্মাই। নাট খনত আলোক সজ্জা স্বপন দাসৰ। সাজ সজ্জা তৃষ্ণা ৰাজবংশী, দীপা মহন্ত, হিমাংশু দাস, কৃতাৰ্থ শৰ্মা, অনিতা দেৱীৰ।
বিনীতা দেবীৰ পৰিচালিত নাট সমূহৰ এটা বিশেষত্ব হল সমাজ ব্যৱস্থাৰ লগত জড়িত আৰু তাৰ লগতে তেখেতে আধ্যাত্মিক নাটক সমূহো পৰিৱেশন কৰি আহিছে। “ৰাৱণ বধ” নাট খন অসমীয়া আৰু হিন্দী ভাষাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক মঞ্চত বহু ৰাজ্যত পৰিৱেশন কৰি সমাদৰ লাভ কৰিছে। তেখেতৰ পৰিচালনাৰ নাট সমূহ অসমৰ লোক কলাৰ এক সম্পদ হিচাপে চিৰদিন জিলিকি থাকিব।