Oath Of the Aamsu:
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম সমুহীয়া ভৱনত যোৱা ২৩ জানুৱাৰীত আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰৰ উপস্থিতিত এখন সাধাৰণ সভা অনুস্থিত হয়।
ADVERTISEMENT
উক্ত সাধাৰন সভাত ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ অধ্যাপক আনোৱাৰুল ইছলামক সভাপতি , মতিউৰ ৰহমান এজামুল হক,ছাজাহান আহমেদ , মনজুৰ আলী, আনোৱাৰ হোছেইন, ড: ৰেজাউল কৰিম, জাহানুৰ হোছেইন,আনোৱাৰ ৰহমান,জমিৰ আলীক উপ-সভাপতি আৰু আমিনুল সাধাৰণ সম্পাদক হিচাপে লৈ এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰে ।
অহা ৯ ফেব্ৰুৱাৰীত ফকিৰাগ্ৰাম মহাবিদ্যালয় সভাকক্ষত আমছুৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হ’ব বুলি জানিবলৈ দিয়ে ।