706 earthquakes in the first 24 days of the New Year:নতুন বছৰৰ প্ৰথম ২৪ দিনত বিশ্বক জোঁকাৰিলে ৭০৬ টা ভূমিকম্পই

শৈল মণ্ডলীয় ফলকৰ সংঘৰ্ষই শংকা কঢ়িয়াইছে, নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বনৰ আহ্বান গৱেষকৰ, অসমো অতি ভূমিকম্প প্ৰৱণ অঞ্চলত অৱস্থিত হোৱাত আশংকা বৃদ্ধি

earth

706 earthquakes in the first 24 days of the New Year:

শেহতীয়াভাৱে তিব্বতত এক ভয়ংকৰ ভূমিকম্পৰ ধ্বংসলীলা চলোৱাৰ পাছতে একাংশ বিশেষজ্ঞই মতপোষণ কৰে যে ভূ-গৰ্ভৰ শৈল মণ্ডলীয় ফলক (টেক্ট’নিক প্লেট)ৰ সংঘর্ষ ক্রমান্বয়ে বৃদ্ধি পাইছে। ঘাইকৈ ভাৰতৰ শৈল মণ্ডলীয় ফলকৰ স’তে ইউৰেছিয়ান শৈল মণ্ডলীয় ফলকৰ মাজৰ সংঘৰ্ষ বৃদ্ধি পাবলৈ ধৰিছে বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰে।

বিশেষজ্ঞসকলৰ এই মন্তব্য একপ্ৰকাৰ শুদ্ধ প্রমাণিত হৈছে। কাৰণ চলিত জানুৱাৰীত ভাৰতকে ধৰি সমগ্র দক্ষিণ এছিয়াৰ লগতে বিশ্বৰ কেতবোৰ স্থানত সাত শতাধিক ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। অর্থাৎ শুকুৰবাৰৰ দিনটোলৈকে চলিত মাহৰ ২৪ দিনত ৭০৬টা ভূমিকম্পই বিশ্বক জোঁকাৰি যায়। লক্ষ্যণীয় যে দেশৰ লগতে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চল অতি ভূমিকম্পপ্ৰৱণ অঞ্চলত অৱস্থিত।

এই সম্পৰ্কত হায়দৰাদস্থিত ভূ-ভৌতিক গৱেষণা কেন্দ্ৰৰ মতে, পৃথিৱীৰ অন্তৰ্ভাগত দৈনিক নিৰন্তৰভাৱে ভূ-ভৌতিক ক্রিয়া চলি থাকে আৰু ইয়াৰ ফলত দৈনিক ভূমিকম্প সংঘটিত হয় যদিও ইয়াৰ কিছুমানৰ জোঁকাৰণিহে অনুভূত হয়। এইদৰে এটা দিনতে ২০ টাৰো অধিক ভূমিকম্পৰ সৃষ্টি হয় যদিও ইয়াৰে অধিকাংশই অনুভূত নহয়। উল্লেখ্য যে যোৱা নিশা ১১:৫৩:৩৭ বজাত ৰাজ্যজুৰি এটা মধ্যম প্ৰাৱল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।

এই ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৫.১ আছিল। ভূমিকম্পটোৰ জোঁকাৰণিয়ে তেজপুৰৰ লগতে ৰাজ্যৰ বহু অঞ্চলৰ লোকক আতংকিত কৰি তোলে যদিও ক্ষণিক সময়ৰ বাবেহে এই কম্পন অনুভূত হয়। বৃহস্পতিবাৰৰ পৰা ৰাজ্যত বৃদ্ধি পোৱা কুঁৱলী আৰু শীতৰ প্ৰকোপে ভূমিকম্পৰ আশংকা গ্রামাঞ্চলৰ ৰাইজৰ মাজত অধিক কৰিছে। বিশেষজ্ঞসকলৰ মতে, ইণ্ডো-অস্ট্রেলিয়া টেক্ট’নিক প্লেটৰ ওপৰত আৰু ভাৰতীয় টেক্ট’নিক প্লেটৰ ওপৰত অসম আছে।

পূব হিমালয় তথা ইণ্ডো বার্মা প্লেটৰ মাজত অব্যাহত থকা সংঘর্ষ বা ঘর্ষণে এই অঞ্চলত প্ৰৱল ভূমিকম্প সৃষ্টিৰ আশংকা বৃদ্ধি কৰিছে। উল্লেখ্য যে কেৱল ২৪ জানুৱাৰীতে বিশ্বজুৰি ২৭টা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। অ’ক্লাহোমা, টাইৱান, ফিজি, নেপাল, চিলি, ইণ্ডোনেছিয়া, অস্ট্রেলিয়া, ইথিঅ’পিয়া, ফিলিপিন, হাৱাইকে ধৰি বিশ্বৰ বিভিন্ন প্রান্তত এইসমূহ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।

আনহাতে, যোৱা দুদিনত বিশ্বত অনুভূত হয় মুঠ ৩২ টা ভূমিকম্পৰ জোঁকাৰণি। চলিত ২০২৫ৰ জানুৱাৰীৰ এই পর্যন্ত বিশ্বজুৰি মুঠ ৭০৬টা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হৈছে আৰু ইয়াৰে ভিতৰত সৰ্বাধিক ৭.১ প্ৰাৱল্যৰ ভূমিকম্পটোৰ উৎস হ’ল চীন। তদুপৰি এই মাহতে ছয়তকৈ অধিক প্ৰাৱল্যৰ ছটা, পাঁচৰ অধিক প্ৰাৱল্যৰ ১০৮টা আৰু চাৰিতকৈ অধিক প্ৰাৱল্যৰ ৫৯১ টা ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়। ভূমিকম্পৰ আগজাননী এতিয়ালৈকে বৈজ্ঞানিকভাৱে সম্ভৱ হোৱা নাই যদিও পৰম্পৰাগতভাবে কিছু আগতীয়া অনুমান সৰ্বসাধাৰণে কৰি আহিছে।

অৱশ্যে ভূমিকম্পৰ পৰিৱৰ্তে ভূমিকম্পক লৈ সৃষ্ট আতংক তথা মানৱ সৃষ্ট কাৰণেহে অধিক ক্ষতিসাধন কৰে বুলি বিভিন্ন সময়ত ভূবিজ্ঞানীসকলে মন্তব্য কৰি আহিছে। ইপিনে, অসমকে ধৰি দেশৰ একাংশ অতি ভূমিকম্পপ্ৰৱণ ৰাজ্যত বিভিন্ন বৃহৎ তথা সুউচ্চ নিৰ্মাণকাৰ্যৰ ক্ষেত্ৰত ভূমিকম্পৰ সম্ভাব্য ক্ষতি সম্পর্কীয় বিষয়ে সততে গুৰুত্ব নোপোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইয়ে এই ৰাজ্যসমূহত আন এক প্রত্যাহ্বানৰ সৃষ্টি কৰিছে বুলি একাংশ বিশেষজ্ঞই মন্তব্য কৰিছে।

Exit mobile version