Donald Trump:ৰাছিয়া-ইউক্রেনৰ যুদ্ধৰ বাবে দায়ী জেলেনস্কি!

United States President Donald Trump 2017

Donald Trump:ৰাছিয়া-ইউক্রেনৰ যুদ্ধৰ বাবে দায়ী জেলেনস্কি!

ক’লে ট্রাম্পে !

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বাবে ইউক্ৰেইনৰRussia-Ukraine War : প্ৰাণঘাতী আক্ৰমণত মৃত্যু হেজাৰৰো অধিক ৰুছ সেনাৰ ! দাবী ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক দোষাৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ফক্স নিউজৰ স’তে হোৱা এক সাক্ষাৎকাৰত ট্ৰাম্পে কয় যে জেলেনস্কিয়ে অধিক বৃহৎ আৰু অধিক শক্তিশালী দলৰ স’তে যুঁজ অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে স্পষ্ট কৰে যে জেলেনস্কিয়ে ৰাছিয়াৰ স’তে চুক্তি কৰি এই যুদ্ধ এৰাই চলিব পাৰিলেহেঁতেন।

ইউক্ৰেইন-ৰাছিয়া যুদ্ধত বহু লোকৰ মৃত্যু হোৱাৰ লগতে লাখ লাখ লোক গৃহহীন হৈছে । বহুতো গাওঁ আৰু চহৰ জনশূণ্য মৃত্যুপুৰিলৈ পৰিণত হৈছে ।

ফক্স নিউজৰ স’তে হোৱা এক সাক্ষাৎকাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে দাবী কৰে যে যুদ্ধ প্ৰতিৰোধ ৰখাৰ বাবে ৰাছিয়াৰ স,’তে চুক্তি কৰিব পাৰিলেহেঁতেন।

তেওঁ কয়, “মই সহজেই এই চুক্তি কৰিব পাৰিলোহেঁতেন।” অৱশ্যে, জেলেনস্কিয়ে সিদ্ধান্ত লয় যে আমি যুঁজিম’। ট্ৰাম্পে ভাবে যে ৰাছিয়াৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ইউক্ৰেইনৰ সিদ্ধান্ত এটা ভুল আছিল।

জেলেনস্কিক বিডেনৰ পৰামৰ্শ ট্ৰাম্পৰ সম্পূৰ্ণ বিপৰীত আছিল। বিডেনে ইউক্ৰেইনৰ আত্মৰক্ষাৰ অধিকাৰক সমৰ্থন কৰে । তেওঁ পুটিনৰ আক্ৰমণৰ প্ৰতিবাদত ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে ।

সাক্ষাৎকাৰটোত ট্ৰাম্পে কয় যে ,যদি ৰাছিয়াই শীঘ্ৰে যুদ্ধসমাধান নকৰে, আমেৰিকা যুক্তৰাষ্ট্ৰই ৰাছিয়াৰ ওপৰত গধুৰ শুল্ক আৰু নিষেধাজ্ঞা আৰোপ কৰিব।

ট্ৰাম্পে ছেপ্টেম্বৰত জেলেনস্কিৰ স’তে সাক্ষাৎ কৰে । বৈঠকৰ শেষত তেওঁ কয় যে তেওঁ দুয়োপক্ষৰ মঙ্গলৰ বাবে কাম কৰিব বিচাৰে। তাৰ পাছত ঐতিহাসিক ‘ নৱেম্বৰ বিপ্লৱ’। নিৰ্বাচনত জয়ী হয় ট্ৰাম্প । বৰ্তমান, বহুতো সমীকৰণ লাহে লাহে আগ বাঢ়িছে ।

তাৰে এটা হৈছে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ। ইফালে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স’তে ইউক্ৰেইনৰ যুদ্ধৰ বিষয়ে আলোচনা কৰিবলৈ সাজু হৈছে

 

Exit mobile version