Saharanpur Marriage: এখন আচৰিত বিয়া ! নিজৰ বিয়াৰ পুৰোহিত নিজেই হ’ল দৰা
এখন আচৰিত বিয়া ! নিজৰ বিয়াত নিজে পুৰোহিত হ’ল দৰা । যুৱকৰ এনে কাৰ্য্য দেখি হতবাক হৈছে উত্তৰ প্ৰদেশ । আকৰ্ষণীয় এই বিয়াক লৈ চৰ্চাও তুংগত।
বিয়াত আহি উপস্থিত হয় অতিথি । উপস্থিত কইনা ঘৰৰ মানুহো। কিন্তু বিয়া কৰোৱাব কোনে ? পুৰোহিত ক’ত ? আত্মীয়সকলৰ মাজত এই বিষয়ে যেতিয়া আলোচনা হয় তেতিয়াই যুৱকজন নিজেই পুৰোহিত হৈ পৰে তাৰ পাছতে যুৱকজনৰ কাৰ্য্যত সকলোৱে হতবাক হৈ পৰিছে।
তথ্য অনুসৰি, চাহাৰনপুৰৰ ৰামপুৰ অঞ্চলৰ বাসিন্দা তেঁও। হৰিদ্বাৰৰ বাহাদুৰপুৰ গাঁৱলৈ বিয়া কৰিবৰ বাবে গৈছিল তেঁও । বিবাহৰ কিছু ৰীতি-নীতি পালন হোৱাৰ পাছতেই নাটকীয় ঘটনা। সকলোকে আচৰিত কৰি বিবেকে নিজেই বিয়াৰ পুৰোহিতৰ দায়িত্ব ল’লে।
বিবাহৰ মন্ত্ৰ পঢ়ি তেওঁ উপস্থিত আত্মীয়সকলক ঘোষণা কৰে যে তেওঁ নিজেই তেওঁৰ বিবাহত পুৰোহিত হ’ব।
বিবেকৰ ঘোষণাত আত্মীয়সকল হতবাক হয় । এজন পেছাদাৰী পুৰোহিতৰ দৰেই মন্ত্ৰ উচ্চাৰণ কৰে নিজ দৰাই । পুৰোহিতে যি দৰে বিয়া কৰোৱাই তেনেদৰেই একে ৰীতি নীতি কৰি নিজৰ বিয়া নিজেই কৰিছে যুৱকজনে ।