CRPF wins best team title in Republic Day Parade:
সমগ্ৰ দেশৰ লগতে গুৱাহাটীটো উদযাপন কৰা হয় ৭৬ সংখ্যক গণৰাজ্য দিৱস । মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷
ৰাজ্যপাল গৰাকীয়ে অসম আৰক্ষী,এপিবিএন,গৃহৰক্ষী বাহিনী,চিআৰ পিএফ,এন চি চি আৰু স্কাউটছ এণ্ড গাইড ,বিভিন্ন শিক্ষানুষ্ঠান সহ মুঠ ১৭টা দলৰ কুজকাৱাজ অভিবাদননো গ্ৰহণ কৰে ৰাজ্যপাল গৰাকীয়ে ৷
এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যসচিব ড:ৰবি কোটা,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং,এডিজিপি আৰ শ্ৰীবাস্তৱ সহ কেবা গৰাকী মুক্তযুজাঁৰু সহ প্ৰশাসনিক আৰু আৰক্ষী বিষয়া ৷
উল্লেখ্য যে, কুজকাৱাজত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰে চিআৰপিএফৰ ১২৮ আৰু ১৭৫ বেটেলিয়নৰ দলে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই শ্ৰেষ্ঠ দলৰ ট্ৰফী প্ৰদান কৰে চিআৰপিএফৰ অধিনায়কক।
উল্লেখযোগ্য কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চিআৰপিএফ) বিশ্বৰ সৰ্ববৃহৎ অৰ্ধসামৰিক সংগঠন ৷ চিআৰপিএফে প্ৰতিষ্ঠাকালৰে পৰা নিৰবিচ্ছিন্নভাবে সন্ত্ৰাসবাদকে ধৰি আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টিকাৰীৰ বিৰুদ্ধে যুঁজ দি আহিছে ৷