Guwahati Theft:মহানগৰীত পুনৰ চিলনী চোৰৰ সন্ত্ৰাস

মহিলাক আক্ৰমণ কৰি দুৰ্বৃত্তই থপিয়াই নিলে টকাৰ বেগ

theft

Guwahati Theft:

ক্ৰমাৎ অপৰাধ নগৰীলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ ইটোৰ পাছত সিটোকৈ নানান অপৰাধমূলক কাৰ্যকলাপ অব্যাহত আছে যদিও অপৰাধীক কৰায়ত্ত কৰাত ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে স্মাৰ্ট আৰক্ষী ৷

যেন স্মাৰ্ট আৰক্ষীক মুকলি চেলেন্স অপৰাধীৰ ৷ এনে ঘটনাক্ৰমৰ মাজতে মঙলবাৰে পুনৰ চিলনী চোৰে দিন দুপৰতে লুটি নিলে টকাৰ বেগ৷ ঘটনাৰ স্থান মহানগৰীৰ বনফুল নগৰ ৷ এগৰাকী মহিলাই এটিএমৰ পৰা টকা উলিয়াই গৃহাভিমুখী হোৱাৰ পথত বাইকত অহা দুই দুৰ্বৃত্তই আক্ৰমণ কৰি থপিয়াই নিয়ে টকাৰ বেগটো৷

ভুক্তভোগী মহিলাৰ গৰাকীৰ নাম বিজু শৰ্মা৷ থাকে বনফুল নগৰৰ ভিষ্টা গার্ডেন এপার্টমেণ্টত ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত শৰ্মাই আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ ৷

Exit mobile version