India-Sri Lanka Conflict: শ্ৰীলংকাৰ নৌসেনাৰ নিৰ্বিচাৰ গুলীচালনা ভাৰতীয় মাছমৰীয়াক!
পাক জলদ্বীপত পুনৰ শ্ৰীলংকাৰ নৌসেনাৰ আক্ৰমণ ভাৰতীয় মাছমৰীয়াক। ভূখণ্ডৰ জলসীমা উলংঘা কৰাৰ অভিযোগত ভাৰতীয় মাছমৰীয়াৰ নাওত নিৰ্বিচাৰে গুলীচালনা কৰে লংকা সেনাই। এই আক্ৰমণত পাঁচজন লোক গুৰুতৰভাৱে আহত হয়। পাঁচজন আহতসহ মুঠ ১৩ জন ভাৰতীয় মাছমৰীয়াক গ্ৰেপ্তাৰ কৰা হয় ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি আহত মাছমৰীয়া কেইজন শ্ৰীলংকাৰ জাফনা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইয়াৰে দুজনৰ অৱস্থা সংকটজনক। জাফনাস্থিত ভাৰতীয় কনছুলেটে তেওঁলোকৰ চিকিৎসাৰ তদাৰক কৰি আছে।
মঙলবাৰে পুৱা পাক জলদ্বীপৰ ডেলফ্ট দ্বীপ (স্থানীয় নাম নেডুন্টিভু)ৰ সমীপত শ্ৰীলংকাৰ নৌসেনাই এই আক্ৰমণ সংঘটিত কৰে।
ঘটনাটোৱে নতুন দিল্লী আৰু কলম্বোৰ মাজত নতুন উত্তেজনাৰ সৃষ্টি কৰিছে । মঙলবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতত থকা শ্ৰীলংকাৰ উচ্চায়ুক্তক মাতি আনি এই ঘটনাৰ ব্যাখ্যা আগবঢ়ায়।
যোৱা বছৰ, শ্ৰীলংকাৰ নৌসেনাৰ এটা টহল জাহাজে কাচাটিভু দ্বীপৰ উত্তৰে এখন ভাৰতীয় মাছ ধৰা নাওত গুলীচালনা কৰে । ঘটনাটোত দুজন লোক নিহত হয়।