Lack of irrigation in Assam: জলসিঞ্চনৰ অভাৱত ৰাজ্যত হ্রাস শালি খেতিৰ ভূমি,হাহাকাৰ কৃষকৰ

অত্যধিক মূল্যত ডিজেল ক্ৰয় কৰি নিজে চলাইছে মেচিন, পানী যোগানৰ ব্যয় বহন কৰিব নোৱাৰি পথাৰলৈ যাবলৈ এৰিছে, শালি খেতিৰ বতৰত পথাৰে পথাৰে হা-হুমুনিয়াহ, ফোঁপযহী মন্ত্ৰীৰ নথিতহে জলসিঞ্চনৰ সফলতা

FARMERS

Lack of irrigation in Assam:

ৰাজ্যত এতিয়া বৰো তথা শালি খেতিৰ বতৰ। এই খেতিৰ বাবে ৰাজ্যৰ অধিকাংশ কৃষকে বাট চাই ৰয়। কাৰণ বানৰ সময়ছোৱাত বহু খেতিয়ক ভীষণ লোকচানৰ গ্ৰাহত পৰে। বানে তেওঁলোকৰ খেতি নষ্ট কৰি পেলায়। সেই কাৰণে বৰো খেতি তথা শালি ধানৰ খেতিৰ ওপৰত তেওঁলোক বিশেষভাৱে নিৰ্ভৰ কৰিবলগীয়া হয়। তদুপৰি বছৰত অন্ততঃ দুটা খেতি ৰাজ্যৰ অধিকাংশ খেতিয়কে কৰে। সেই সকলোৰে বাবে সম্পূর্ণৰূপে জলসিঞ্চন নিৰ্ভৰশীল বৰো খেতি অত্যন্ত গুৰুত্বপূর্ণ। এই খেতিত প্রয়োজন হয় পর্যাপ্ত পৰিমাণৰ পানী। কিন্তু সেই পানী খেতিয়কে পাবলৈ ৰাজ্যৰ পথাৰত নাই পর্যাপ্ত জলসিঞ্চন ব্যৱস্থা।

একেবাৰে ন্যূনতম পৰিমাণতহে চলি আহিছে এই ব্যৱস্থাটো। অথচ বিভাগীয় ফোঁপযহী মন্ত্রী অশোক সিংহলৰ তথাকথিত নথিভিত্তিক সফলতা দাবীৰ অন্ত নাই। মন্ত্রী, বিভাগীয় বিষয়াৰ সফলতা দাবীৰ বিপৰীতে পথাৰত নাই কোনো সা-সুবিধা। আকৌ চৰকাৰী আঁচনি এখনৰ সুবিধা পাবলৈও অত্যন্ত কঠিন। এইবোৰৰ পৰিণতিতে কৃষি প্রধান ৰাজ্য অসমত পথাৰৰ প্ৰতি আকর্ষণ হেৰুৱাইছে কৃষকে। ফলত বহু পথাৰ এতিয়া উদং হৈ পৰি ৰয়।

উল্লেখ্য যে অসমত থকা কৃষি ভূমিৰ পৰিমাণ হ’ল ২৭.৫ লাখ হেক্টৰ। ইয়াৰে ২৪ লাখ হেক্টৰতে ধান খেতি হয়। অথচ তাৰে অধিকাংশ পথাৰতে নাই জলসিঞ্চনৰ সুবিধা। তেনে অৱস্থাত বৰো ধানৰ খেতিয়কৰ এতিয়া দুর্ভোগৰ অন্ত নাই। পানীৰ অভাৱত নিজাববীয়াকৈ পানীৰ ব্যৱস্থা কৰিবলৈ বাধ্য হোৱাৰ ফলত তেওঁলোকৰ উৎপাদন মূল্য যথেষ্ট বৃদ্ধি হয়। সেই অনুপাতে কিন্তু তেওঁলোকে বজাৰ দৰ নাপায়।

এই সন্দৰ্ভত বৰপেটা জিলাৰ সৰভোগৰ খেতিয়ক জিন্টুল কলিতাই আক্ষেপেৰে কয়, ‘পানীৰ বাবে পথাৰত আমি কে’বাজনো খেতিয়কে মিলি নিজাববীয়াকৈ অস্থায়ীভাৱে ডিজেল মেচিন বহুৱাইল ‘বলৈ বাধ্য হও। ডিজেল চালিত মেচিনেৰে পানী দিওতে দিওতে আমাৰ আধ্যা পৰে। ডিজেলৰ উচ্চ মূল্যই আমাৰ ওপৰত অধিক মাধমাৰ শোধাইছে। শেষত গৈ খৰচ ইমানে বাঢ়ে যে খেতিৰ পৰা লাভ হোৱা বুলিবলৈ প্রায় একোৱেই নাথাকে।’

এই প্রসংগতে উল্লেখ্য যে খেতিয়কে নিজাববীয়াকৈ পানী যোগানৰ বাবে পথাৰত স্থাপন কৰা মেচিন চলাবলৈ প্রয়োজন হোৱা ডিজেলো গাঁও অঞ্চলত অধিক দামত ক্ৰয় কৰিব লাগে। পৰিবহণ ব্যয়ৰ দোহাই দি যোগনীয়াৰে প্ৰতি লিটাৰ ডিজেলৰ পৰা অধিক মুনাফা আদায় কৰি আহিছে। উদাহৰণ স্বৰূপে ব্যাপক পৰিমাণত ধান উৎপাদন হোৱা বৰপেটা জিলাত বৰ্তমান পথাৰত পানী যোগান ধৰা মেচিনত ব্যৱহাৰ কৰা প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’ল কমেও ১১০ টকা।

অৰ্থাৎ বজাৰ দৰতকৈ প্ৰায় ২০ টকা অধিক মূল্যত কৃষকে ডিজেল ক্ৰয় কৰিবলৈ বাধ্য হৈছে। দিন-ৰাতি পথাৰত পানী যোগানৰ বাবে এনেদৰে অধিক মূল্যত ডিজেল ক্ৰয় কৰিবলগীয়া হোৱাত দুখীয়া কৃষকসকল শেষত গৈ কঙাল হ’বলগীয়া হয়। চৰকাৰী জলসিঞ্চন ব্যৱস্থাৰ দুৰৱস্থাই সৃষ্টি কৰা এনে পৰিণতিত সেয়েহে বহু কৃষকে এতিয়া পথাব ছন পেলাই থ’বলৈ বাধ্য হৈছে।

উল্লেখ্য যে বৰো তথা শালি খেতিতেই অধিক পানীৰ প্ৰয়োজন হয় আৰু এই খেতিতে জলসিঞ্চনৰ সুবিধা চৰকাৰৰ সফলতাৰ দাবীৰ বিপৰীতে হ্রাসহে হৈছে। জলসিঞ্চন বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি ২০২১ ত শালি ধানৰ খেতি কৰা ১.২১ লাখ হেক্টৰ ভূমিত চৰকাৰী পানী যোগানৰ ব্যৱস্থা আছিল। সেই পৰিমাণ বৃদ্ধি হোৱাৰ বিপৰীতে ২০২২৩ ০.৭ লাখ হেক্টৰলৈ হাসহে হয়।

বিভাগীয় তথ্য অনুসৰি অসমৰ মুঠ কৃষি ভূমিৰ ১৪ শতাংশতহে জলসিঞ্চনৰ ব্যৱস্থা আছে। সেই ভূমিত থকা জলসিঞ্চন আঁচনিৰ সংখ্যা হ’ল প্ৰায় চাৰি হেজাৰ। তাৰে কমেও ১৫শ আঁচনি অকামিলা হৈ পৰি আছে। কিন্তু বাস্তৱত এই সংখ্যা আৰু অধিক। একেদৰে চৰকাৰী নথি অনুসৰি বিগত ২০২৩ ত মুঠ কৃষি ভূমিৰ ১১.০৩ লাখ হেক্টৰ জলসিঞ্চনৰ সুবিধাৰ আওতালৈ নিয়া। বাস্তৱত এই পৰিসংখ্যা ‘আছে গৰু নাবায় হাল’ৰ দৰেহে বুলি সূত্রটোৱে মন্তব্য কৰে।

জলসিঞ্চনৰ সুবিধা নোপোৱা কৃষকে এই সময়ছোৱাত মাজে মাজে অহা বৰষুণলৈও আগতে বাট চাই ৰৈছিল। কিন্তু বতৰ পৰিৱৰ্তনৰ ফলত বৰষুণৰ সম্ভাৱনা আৰু মাত্রাও এতিয়া হ্রাস হৈছে। কে’বামাহ ধৰি বৰষুণ নোহোৱাত পথাৰবোৰ মৰুময় যেন হৈ পৰিছে। সেই পথাৰত নিজাকৈ পানী যোগান ধৰি ৰাজ্যৰ কৃষি অর্থনীতিক শক্তিশালী কৰি তোলাটো দুখীয়া কৃষক সমাজৰ বাবে মুঠেই সম্ভৱ নহয়। সম্ভৱ হ’ব পাৰে কেবল চৰকাৰৰ তথাকথিত নথিতহে।

Exit mobile version