Hyacinth macaw: পৃথিৱীৰ সবাতোকৈ ডাঙৰ ভাটৌ !

বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰজাতিৰ ভাটৌবিধৰ নাম হ'ল হায়াছিস্থ মেকাউ। দক্ষিণ আমেৰিকাৰ দেশ ব্রাজিল, বলিভিয়া আৰু পেৰাগুৱেত হায়াছিস্থ মেকাউ ভাটৌৰ বসবাস।

1111111111

Hyacinth macaw: পৃথিৱীৰ সবাতোকৈ ডাঙৰ ভাটৌ !

ভাটৌ চৰাই বৰ ভাল লাগে নহয়নে? মানুহৰ মাত নকল কৰিব পৰা ক্ষমতাৰ বাবে এইবিধ পক্ষী অতি জনপ্ৰিয় ।

ADVERTISEMENT

ইয়াৰ উপৰি সৌন্দৰ্যৰ বাবেও ভাটৌ চৰাই মানুহে ভাল পায়। পৃথিৱীত বহু প্ৰজাতিৰ ভাটৌ চৰাই আছে। প্ৰতিটো প্ৰজাতিৰ ভাটৌৱেই নানা ৰং-বিৰঙৰ।

সেইদৰে আকাৰতো ভাটৌৰ প্ৰজাতিসমূহৰ ভিন্নতা আছে। কোনো বিধ ভাটৌ যদি একেবাৰে ক্ষুদ্ৰ আকাৰৰ, আন কোনো
প্ৰজাতিৰ ভাটৌ আকৌ আমাৰ ইয়াত দেখা পোৱা ভাটৌতকৈ বহু ডাঙৰ।

বিশ্বৰ সবাতোকৈ ডাঙৰ প্ৰজাতিৰ ভাটৌবিধৰ নাম হ’ল হায়াছিস্থ মেকাউ। দক্ষিণ আমেৰিকাৰ দেশ ব্রাজিল, বলিভিয়া আৰু পেৰাগুৱেত হায়াছিস্থ মেকাউ ভাটৌৰ বসবাস।

পাম গছৰ বাগান আৰু মুক্ত বনভূমিতে এইবিধ পক্ষীয়ে বাস কৰিবলৈ পছন্দ কৰে। এইবিধ ভাটৌৰ দৈৰ্ঘ্য মূৰৰ পৰা নেজ বা ফিছা পর্যন্ত প্রায় এশ ছেণ্টিমিটাৰ।

সেইদৰে ইহঁতৰ ওজন ১.২ কিলোগ্রামৰ পৰা ১.৭ কিলোগ্রাম পর্যন্ত হয় । হায়াছা মেকাউ ভাটৌৰ চকুৰ চাৰিওকাষে উজ্জ্বল হালধীয়া বৰণৰ চকৰি আছে। ইহঁতৰ ঠোঁট কঠিন, সবল তথা শক্তিশালী।

ফলত নাৰিকলৰ দৰে কঠিন ফলতো সহজে ফুটা কৰিব পাৰে। ফলমূল, বাদাম ইহঁতৰ প্ৰিয় খাদ্য। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ বীজজাতীয় খাদ্যও খায়।

এইবিধ ভাটৌৱে সচৰাচৰ যোৰ বান্ধি বিচৰণ কৰে। অৱশ্যে কেতিয়াবা সৰু-বৰ দল বান্ধিও খাদ্যৰ সন্ধান কৰে।জুলাই-ডিচেম্বৰ এইবিধ ভাটৌৰ প্ৰজনন কাল। এই সময়ত ইহঁতে গছৰ পুৰণি খোৰোঙত বাহ সাজে।

গছৰ পাত, ঠেঙুলি, লতা আদিৰে সজা বাহত এটা বা দুটা কণী পাৰে। প্ৰায় এমাহৰ পাছত কণী ফুটি পোৱালি ওলায়৷ হায়াছিস্থ মেকাউ ভাটৌৰ গড় আয়ুস ৬০ বছৰ।

অতিপাত ধুনীয়া চৰাইৰ গড় মূল্য প্রায় এহেজাৰ ডলাৰ। অত্যধিক মূল্য আৰু মনোৰম সৌন্দৰ্যৰ বাবে হায়াছি মেকাউ ভাটৌ চোৰাং ব্যৱসায়ৰো বলি হৈছে। ইয়াৰ উপৰি আৱাসস্থল ধ্বংস,খাদ্যাভাৱ আৰু অবৈধ চিকাৰৰ বাবে এই ধুনীয়া চৰাইবিধ বিলুপ্তিৰ আশংকাতো পৰিছে।

Exit mobile version