Thailand has extradited two fugitives to India:
প্ৰৱঞ্চনাৰে কে’বাশ কোটি আত্মাসাৎ কৰি থাইলেণ্ডত আত্মগোপন কৰি থকা দুই প্ৰৱঞ্চকক থাইলেণ্ডে প্রত্যর্পণ কৰিলে ভাৰতক ৷
উল্লেখ্য যে ৮৭ কোটি টকাৰ প্ৰৱঞ্চনাত জনাদন সুন্দৰম জড়িত থকাৰ বিপৰীতে ৭৭ কোটি টকাৰ কেলেংকাৰিত জড়িত আছিল বীৰেন্দ্ৰভাই মণিভাই পেটেল ৷ গুজৰাটৰ চাৰোেটাৰ নাগৰিক সহকাৰী বেংকৰ সঞ্চালক আছিল পেটেল। প্ৰৱঞ্চনাৰে ধন আত্মাসাৎ কৰি বিগত ২০ বছৰ পলাতক হৈ আছিল থাইলেণ্ডত ৷ গুজৰাট আৰক্ষীয়ে প্ৰৱঞ্চনাৰ গোচৰত সুদীৰ্ঘদিন ধৰি বিচাৰি আছিল বীৰেন্দ্ৰভাই মণিভাই পেটেলক ৷
আনহাতে প্ৰৱঞ্চনাৰ গোচৰত জড়িত থকা জনাদন সুন্দৰমেও বাহৰ পাতি আছিল থাইলেণ্ডত ৷ তামিলনাডু আৰক্ষীয়েও বিচাৰি আছিল প্ৰৱঞ্চকজনক ৷
আনকি দুই প্ৰৱঞ্চকৰ সন্ধানত ইন্টাৰপ’লে জাৰি কৰিছিল ৰেড নোটিচ। অৱশেষত সকলো জল্পনা কল্পনাৰ অন্তত থাই চৰকাৰ আৰু ভাৰতৰে থকা বন্দী প্রত্যর্পণ চুক্তি অনুসৰি থাইলেণ্ডে বেংককস্থিত ভাৰতীয় দূতাৱাসৰ সহযোগত দুয়োকে গতোৱা হ’ল চিবিআইক৷
বুধবাৰে জনার্দন সুন্দৰম আৰু বীৰেন্দ্ৰভাই মণিভাই পেটেলক লৈ চিবিআইৰ এটা দলে বিমানেৰে কলকাতা বিমানবন্দৰত অৱতৰণ কৰাৰ পিছতে দুয়োকে সুকীয়া সুকীয়াকৈ গ্ৰেপ্তাৰ কৰে গুজৰাট আৰু তামিলনাডু আৰক্ষীয়ে ৷