7 Aam Aadmi Party MLAs quit party ahead: দিল্লী বিধানসভা নিৰ্বাচনৰ পাঁচ দিন পূর্বেই আপত অঘটন

আপৰ পৰা দলত্যাগ ৭ গৰাকী বিধায়কৰ, দলত্যাগী অধিকাংশই টিকট বঞ্চিত বিধায়ক

aap 1

7 Aam Aadmi Party MLAs quit party ahead:

দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ পাঁচটা দিন থকা পূৰ্বেই শাসনাধিষ্ঠিত আম আদমী পাৰ্টিৰ সাতজনকৈ বিধায়কে দলত্যাগ কৰে ৷ একেদৰে বিধায়ক কেইজনে বিধানসভাৰ সদস্য পদৰ পৰাও পদত্যাগ কৰে ৷

প্ৰাপ্ত খবৰ অনুসৰি আগন্তক নিৰ্বাচনত দলীয় টিকট নিদিয়াৰ সিদ্ধান্তক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি বিধায়ক কেইজনে দলত্যাগ কৰে ৷
দলত্যাগী বিধায়ক কেইজন হ’ল ত্ৰিলোকপুৰীৰ বিধায়ক ৰোহিত মেহৰৌলিয়া, কস্তুৰবা নগৰৰ মদন লাল, জনকপুৰীৰ ৰাজেশ ঋষি, পালামৰ ভৱনা গৌড়, মেহৰৌলীৰ বিধায়ক নৰেশ যাদৱ, বিজৱাসনৰ বিধায়ক ভূপিন্দৰ সিং জ আৰু আদৰ্শ নগৰৰ বিধায়ক পৱন কুমাৰ শৰ্মা |

Exit mobile version