Man Reunited With Family in mahaKumbh: কুম্ভত বিচাৰি পালে নিৰুদ্দেশ হোৱা স্বামী !

faimly

Man Reunited With Family in mahaKumbh:

২৭ বছৰ পূৰ্বে হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল এজন ব্যক্তি। প্ৰয়াগৰাজৰ কুম্ভ মেলাই যেন পুনৰ পৰিয়ালৰ স’তে মিলন কৰিলে সেইজন ব্যক্তিক ।

অপেক্ষাত থকা পত্নীয়ে বিচাৰি পালে তেওঁৰ স্বামীক । মেলা হৈ উঠিল পৰিয়ালৰ মিলনস্থলী । নিৰুদ্দেশ হোৱা পৰিয়ালটোৰ অভিভাৱকক বিচাৰি পাই আনন্দত আত্মহাৰা হৈ পৰে পৰিয়ালটো। পিতৃক কাষত পাই আবেগিক হৈ পৰে সন্তান ।

সন্ধানপোৱা লোকজনৰ নাম গংগাসাগৰ যাদৱ তেওঁ ঝাৰখণ্ডৰ বাসিন্দা। তেওঁৰ বয়স বৰ্তমান ৬৫ বছৰ। তেওঁ “আঘোৰী।” নতুন নাম ‘বাবা ৰাজকুমাৰ’। কিন্তু পৰিয়ালে চিনি পালেও গংগাসাগৰে তেওঁৰ জীৱন আৰু পৰিয়ালৰ সকলো কথা অস্বীকাৰ কৰিছে। ইয়াৰ বিপৰীতে তেওঁ নিজকে বাৰাণসীৰ বাসিন্দা বুলি দাবী কৰিছে।

অৱশ্যে, পৰিয়ালটোৱে দাবী কৰে যে ‘বাবা ৰাজকুমাৰে’ নিজকে গংগাসাগৰ বুলি মানি ল’বলৈ যিমানেই অস্বীকাৰ নকৰক, পৰিয়ালটোৱে নিশ্চিত যে তেওঁ ঝাৰখণ্ডৰ গংগাসাগৰ।

গংগাসাগৰৰ পত্নী ধনোয়া দেৱী। তেওঁৰ দুই পুত্ৰ কমলেশ আৰু বিমলেশ। কুম্ভমেলাত গংগাসাগৰক পোৱাৰ আশাৰে প্ৰয়াগৰাজলৈ আহে। ধনোয়া দেৱীয়ে দাবী কৰে যে কুম্ভ মেলাই তেওঁলোকৰ পৰিয়ালৰ মিলনস্থলী হ’ব বুলি তেওঁলোকে আশা কৰা নাছিল ।

গংগাসাগৰৰ পুত্ৰই জানিবলৈ দিয়া মতে, এই ঘটনাৰ খবৰ কুম্ভমেলা আৰক্ষীক জনোৱা হয় ।লগতে গংগাসাগৰৰ ডি এন এ টেষ্ট কৰিবলৈও অনুৰোধ জনাইছে। গংগাসাগৰৰ আত্মীয় মুৰালী যাদৱে কয়, “আমি মেলাৰ শেষলৈকে অপেক্ষা কৰিম।”

যদি ডিএনএ পৰীক্ষাই দেখুৱায় যে এই ব্যক্তিজন গংগাসাগৰ নহয়, মই তেওঁৰ ওচৰত ক্ষমা বিচাৰিম। ধনোৱা দেৱীয়ে জনাই যে গংগাসাগৰ ১৯৯৮ চনত পাটনালৈ যায় আৰু তেতিয়াৰ পৰাই তেওঁ ঘৰলৈ উভতি অহা নাই।

বিগত ২৬ বছৰ ধৰি তেওঁক অনুসন্ধান চলাই থকা হৈছিল । ধনোৱাৰ এজন আত্মীয় কুম্ভ মেলালৈ আহে আৰু তেওঁ এজন লোকৰ ফটো তুলিছিল । ব্যক্তিজনৰ শাৰীৰিক গাঁথনি, চকুৰ আকৃতি, মুখমণ্ডললৈ চাই ধনোৱা নিশ্চিত হয় যে এই ব্যক্তিজনে তেওঁৰ হেৰুওৱা স্বামী। ইয়াৰ পাছতে, ধনোৱা দুটা পুত্ৰৰ স’তে প্ৰয়াগৰাজত উপস্থিত হয়।

তেওঁ মেলাৰ চাৰিওফালে ঘূৰি অৱশেষত তেওঁক বিচাৰি পায় । ধনোৱাই কয়, “মই কেতিয়াও ভবা নাছিলো যে মই মোৰ স্বামীক এই পোছাকত দেখিম। তেওঁ আমাক চিনি নোপোৱাৰ ভাও লয়। কেৱল শিৱ মন্ত্ৰ উচ্চাৰণ কৰে । ”

ধনোয়া দেৱীয়ে কয়, “স্বামীৰ দাঁত, কপালত কটা দাগ, আঁঠুত দাগ দেখি মই তেওঁক চিনি পাইছিলোঁ।” ডি এন এ পৰীক্ষাৰ পাছতহে স্পষ্ট হ’ব। এতিয়া পৰিয়ালৰ সকলোৱে মেলাৰ অন্ত পৰাৰ বাবে অপেক্ষা কৰিছে।

Exit mobile version