8 Maoists Killed In Encounter:
ছত্তীশগড়ৰ বিজাপুৰত নিৰাপত্তাৰক্ষীৰ স’তে সংঘৰ্ষত হয় নিহত । শনিবাৰে বিজাপুৰৰ গংগালুৰ আৰক্ষী থানা অঞ্চলৰ এখন জংঘলত মাওবাদী দলটোক নিৰাপত্তা বাহিনীয়ে আগুৰি ধৰে। তাৰ পাছতে দুয়োপক্ষৰ মাজত সংঘৰ্ষ হয়। নিহত হয় হয় |
আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, শনিবাৰে পুৱা আৰক্ষী আৰু চিআৰপিএফৰ এটা যুটীয়া দলে গংগাল্লুৰ আৰক্ষী থানা এলেকাত মাওবাদী বিৰোধী অভিযান চলাই। সেনাৰ উপস্থিতি গম পাই মাওবাদী সকলে সেনালৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে ৷ ফলস্বৰূপে সেনাও ওলোতাই নিৰ্বিচাৰ গুলীচালনা কৰাত ঘটনাস্থলীতে নিহত হয় আঠজন মাওবাদী ৷
উল্লেখ্য যে যোৱা মাহত, উৰিষ্যা-ছত্তীশগড় সীমান্তত নিৰাপত্তা বাহিনীৰ স’তে ৰাতিটোৰ ভিতৰতে হোৱা গুলীচালনাত ২০ জন মাওবাদী নিহত হৈছিল।