Indian missing in Iran: ইৰানত গৈ ‘নিৰুদ্দেশ’ তিনজন ভাৰতীয়!

তেওঁলোকে ইৰানী কৰ্তৃপক্ষৰ স'তে কথা পাতি নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় নাগৰিকৰ বিষয়ে অনুসন্ধান চলাই আছে । তেওঁলোকৰ পৰিয়ালৰ স'তেও যোগাযোগ ৰাখিছে নতুন দিল্লীয়ে

ggggggggg

Indian missing in Iran: ইৰানত গৈ ‘নিৰুদ্দেশ’ তিনজন ভাৰতীয়!

ব্যৱসায় সূত্ৰে ইৰানলৈ গৈ ‘সন্ধানহীন’ তিনি ভাৰতীয় । তেওঁলোকৰ স’তে তেঁওলোকৰ পৰিয়ালৰ যোগাযোগ বিছিন্ন হৈ গৈছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে।

তেওঁলোকে ইৰানী কৰ্তৃপক্ষৰ স’তে কথা পাতি নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয় নাগৰিকৰ বিষয়ে অনুসন্ধান চলাই আছে । তেওঁলোকৰ পৰিয়ালৰ স’তেও যোগাযোগ ৰাখিছে নতুন দিল্লীয়ে।

 এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে ইৰাণত তিনিজন ভাৰতীয়ৰ নিৰুদ্দেশ হোৱাৰ বিষয়ে চৰকাৰ অৱগত। তিনিজনৰ পৰিয়ালৰ স’তে যোগাযোগ কৰা হৈছে।

তিনিওজন ব্যৱসায়িক উদ্দেশ্যৰ বাবে ইৰাণলৈ গৈছিল। কিন্তু আহি পোৱাৰ পাছতে তেওঁলোকৰ পৰিয়ালৰ স’তে সম্পৰ্ক বিছিন্ন হয়।

নতুন দিল্লীৰ ইৰানীৰ দূতাবাসক বিষয়টো অৱগত কৰা হৈছে। ইৰাণৰ বৈদেশিক মন্ত্ৰালয়ৰ স’তেও যোগাযোগ কৰা হৈছে। তেহৰাণৰ ভাৰতীয় দূতাবাসে এই সন্দৰ্ভত ভাৰত চৰকাৰৰ স’তে এই বিষয়ে কথা পাতিছে।

নিৰুদ্দেশ হোৱা তিনিজন ভাৰতীয়ৰ সুৰক্ষা নিশ্চিত কৰিবলৈ ইৰানী কৰ্তৃপক্ষক অনুৰোধ জনোৱা হৈছে।

যোগেশ পাঞ্চাল আৰু মহম্মদ চাদিক ২০২৪ চনৰ ডিচেম্বৰত ইৰাণলৈ গৈছিল। শেহতীয়াকৈ, ইৰাণ চৰকাৰে ভাৰতীয়সকলৰ বাবে ভিছা ৰেহাই আঁচনি আৰম্ভ কৰিছে।

১৫ দিনীয়া প্ৰকল্পৰ সুযোগ লৈ যোগেশ আৰু ছাদিক ইৰাণলৈ ৰাওনা হয়। তেওঁলোক তেহৰাণৰ এখন হোটেলত থাকে।

তেতিয়াৰ পৰাই তেঁওলোকৰ পৰিয়ালৰ স’তে সম্পৰ্ক বিছিন্ন হয়। সুমিত সুদে এই বছৰৰ জানুৱাৰীত ইৰাণলৈ ৰাওনা হয় । কিন্তু জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰা, তেওঁৰ পৰিয়ালে তেওঁৰ স’তেও সম্পৰ্ক হেৰুৱাই পেলাই।

ইৰাণৰ কনিষ্ঠ উপ বৈদেশিক মন্ত্ৰী মজিদ ৰাভাঞ্চিয়ে জানুৱাৰীত ভাৰত ভ্ৰমণ কৰে ।

তিনিজন ভাৰতীয়ৰ বিষয়টো তেওঁৰ সন্মুখত ভাৰতীয় বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে নিজেই উত্থাপন কৰে ।

অৱশ্যে, তিনিজন লোকৰ এতিয়াও সন্ধান পোৱা হোৱা নাই।

Exit mobile version