Union Budget 2025:চৰকাৰী বিদ্যালয়ত ইন্টাৰনেট!
ADVERTISEMENT
পাঁচখন আইআইটিত বৃদ্ধি হ’ব আসন,
শিক্ষাৰ ক্ষেত্ৰত আৰু কি কি আছে এইবাৰৰ বাজেটত?
- আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত কেন্দ্ৰীয় বাজেট ২০২৫ উপস্থাপন কৰি শিক্ষাৰ ক্ষেত্ৰত কেবাটাও সুবিধাৰ কথা ঘোষণা কৰে ।
দেশৰ সকলো চৰকাৰী বিদ্যালয়তে মাধ্যমিক পৰ্যায়ত ইণ্টাৰনেট ব্যৱস্থা প্ৰৱৰ্তন কৰিছে চৰকাৰে। বিদ্যালয়সমূহত ব্ৰডবেণ্ড সেৱা স্থাপন কৰা হ’ব।- ইয়াৰ জৰিয়তে, শিক্ষাৰ্থীসকলে বিদ্যালয়ত ইণ্টাৰনেট ব্যৱহাৰ কৰি অধ্যয়ন কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
- তেওঁ কেবাটাও আইআইটি (ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান)ত আসনৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও কয়।
- আইআইটিত আসনৰ সংখ্যা বৃদ্ধি সন্দৰ্ভত সীতাৰমণে কয় যে দেশৰ ২৩ খন আইআইটিত যোৱা ১০ বছৰত ১০০ শতাংশ আসন বৃদ্ধি কৰা হৈছে।
- আইআইটিত শিক্ষাৰ্থীৰ সংখ্যা এতিয়া ৬৫ হেজাৰ ৰ পৰা ১.৩৫ লাখলৈ বৃদ্ধি পাইছে। ২০১৪ চনৰ পৰা দেশত স্থাপন কৰা পাঁচটা নতুন আইআইটিয়ে অনাগত দিনত ছয় হেজাৰ ৫০০তকৈও অধিক ছাত্ৰ ছাত্ৰীক পঢ়াৰ সুবিধা প্ৰদান কৰিব।
- এই আই আইটিসমূহৰ আন্তঃগাঁথনিগত উন্নয়নতো চৰকাৰে গুৰুত্ব আৰোপ কৰিব। আন্তঃগাঁথনি উন্নয়নৰ বাবে ধন পৃথকে পৃথকে বিনিয়োগ কৰা হ’ব।
- ২০২৫ চনত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচন। বাজেট পঢ়ি থাকোঁতে তেওঁ পাটনা আই আই টিক এককভাৱে উল্লেখ কৰে।
- এই প্ৰতিষ্ঠানটোৰ আন্তঃগাঁথনি সম্প্ৰসাৰিত কৰা হ’ব বুলিও কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়। সীতাৰমণে এইটোও জনাই যে চিকিৎসা মহাবিদ্যালয়সমূহত আসনৰ সংখ্যা বৃদ্ধি কৰা হ’ব। পৰৱৰ্তী বিত্তীয় বৰ্ষত, দেশৰ বিভিন্ন প্ৰান্তৰ চিকিৎসা মহাবিদ্যালয়সমূহত কমেও ১০ হেজাৰ অতিৰিক্ত আসন যোগ দিয়া হ’ব।
- কেন্দ্ৰই অহা পাঁচ বছৰত চিকিৎসা মহাবিদ্যালয়সমূহত ৭৫ হেজাৰ আসন বৃদ্ধি কৰাৰ লক্ষ্য ৰাখিছে। ইয়াৰ উপৰিও, বিত্ত মন্ত্ৰীয়ে বিভিন্ন খণ্ডৰ ঠিকাভিত্তিক শ্ৰমিকসকলৰ বাবে পৃথক সামাজিক সুৰক্ষা আঁচনি ঘোষণা কৰিছে।